৫৯ বছৰ অতিক্ৰম কৰিলে বলীউড বাদশ্বাহ শ্বাহৰুখ খানে। প্ৰতি বছৰৰ দৰে এইবাৰো তেওঁৰ ঘৰৰ সন্মুখত ২ নৱেম্বৰৰ মাজনিশাও দেখা গৈছিল অনুৰাগীৰ ভীৰ। কিন্তু এইবাৰৰ ওপজা দিনত তেওঁ বেলকনিত ঠিয় হৈ ছিগনেছাৰ পজ নিদিলে। কিন্তু এগৰাকী অনুৰাগীৰ বাবে বিশেষ উদ্যোগ ললে কিং খানে। ঝাড়খণ্ডৰ পৰা অহা এই অনুৰাগীৰ মনৰ ইচ্ছা পূৰণ কৰে শ্বাহৰুখে।
ঝাড়খণ্ডৰ বাসিন্দা শ্বেখ মহম্মদ আনছাৰি। প্ৰিয় তাৰকাৰ সৈতে দেখা কৰিব বুলি মন্নতৰ বাহিৰত থিয় দি আছিল। নিজৰ ব্যৱসায় এৰি মুম্বাইলৈ আহি তাৰকাৰ ঘৰৰ সন্মুখত অপেক্ষা কৰি আছিল ৯৫ দিন ধৰি। মাহৰ পাছত মাহ ধৰি তেওঁৰ এটাই আশংকা আছিল শ্বাহৰুখৰ সৈতে দেখা কৰিব তেওঁ। অৱশেষত তেওঁৰ ইচ্ছা পূৰণ কৰিলে শ্বাহৰুখে। অনুৰাগীৰ সৈতে দেখা কৰি ছবিও তুলিছিল। যি এতিয়া ভাইৰেল হৈছে সামাজিক মাধ্যমত।
শ্বেখ মহম্মদ দৃঢ় প্ৰতিজ্ঞ আছিল, শ্বাহৰুখক দেখা কৰিবই। জন্মদিনৰ দিনা নিশা নিজৰ সামাজিক মাধ্য়মত পোষ্ট কৰি শ্বাহৰুখে অনুৰাগীসকলক ধন্যবাদো জনাইছিল। তেওঁৰ ছিগনেছাৰ পজত ছবি পোষ্ট কৰি পাঠান লিখি তেওঁ পোষ্ট কৰে। ইয়ালৈ অহাৰ বাবে আপোনালোকক ধন্যবাদ। যিসকল মোৰ ঘৰলৈ আহিল তেওঁলোকলৈ ধন্যবাদ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ