অসম লাইভ ২৪ঃ প্ৰকৃততে কোন দিশে ধাৱমান হৈছে বৰ্তমানৰ কিশোৰ-কিশোৰী? কিশোৰ-কিশোৰীৰ মাজত বৃদ্ধি পাইছে অপৰাধপ্ৰ্ৰৱণতা৷ এনেধৰণৰ বাতৰিয়ে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰা দেখা পোৱা যায়৷ আত্মহত্যাৰ দৰে অপৰাধ সংঘটিত কৰিবলৈও কুণ্ঠাবোধ নকৰে বৰ্তমানৰ প্ৰজন্মই৷ শেহতীয়াকৈ মুকালমুৱাত সংঘটিত হৈছে এনে এক অপৰাধজনিত ঘটনা৷ মোবাইল গেমৰ আসক্তিৰ বাবেই মৃত্যুক আকোৱালি ল’লে ষষ্ঠ শ্ৰেণীৰ এজন কিশোৰে৷ মুকালমুৱাৰ মাদলাবড়ীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। পৰিয়ালৰ লোকে গেম খেলিবলৈ বাধা দিয়াৰ বাবেই আত্মহত্যা কৰে কিশোৰজনে৷ অভিভাৱকে ছাত্ৰগৰাকীৰ পৰা কাঢ়ি লৈছিল মোবাইল ফোনটো। মোবাইল গেম আসক্ত ছাত্ৰগৰাকীয়ে গেম খেলিবলৈ নাপাই নিজ গৃহতে আত্মহত্যাৰ দৰে পথ বাছি লয়৷ এনেধৰণৰ ঘটনাই সঁচাকৈয়ে চিন্তিত কৰে আচলতে কোন দিশে ধাৱমান হৈছে বৰ্তমানৰ প্ৰজন্ম?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ