• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধোঁৱাই ছানি ধৰিছে চিলিৰ আকাশ! ৬৪ হাজাৰ একৰ ভূমিত এতিয়া কেৱল শূণ্যতা

ধোঁৱাই ছানি ধৰিছে চিলিৰ আকাশ! ৬৪ হাজাৰ একৰ ভূমিত এতিয়া কেৱল শূণ্যতা

2 years ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

4 minutes ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

36 minutes ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

2 hours ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

2 hours ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

2 hours ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

3 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

4 hours ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

4 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

5 hours ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

6 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

14 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ধোঁৱাই ছানি ধৰিছে চিলিৰ আকাশ! ৬৪ হাজাৰ একৰ ভূমিত এতিয়া কেৱল শূণ্যতা

editor by editor
February 5, 2024
in বিবিধ, বিশ্ব, লেখা
0
ধোঁৱাই ছানি ধৰিছে চিলিৰ আকাশ! ৬৪ হাজাৰ একৰ ভূমিত এতিয়া কেৱল শূণ্যতা
0
SHARES
485
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ধোঁৱাই ছানি ধৰিছে চিলিৰ আকাশ। বনজুইত জ্বলি ছাই হৈ গৈছে বহু ঘৰ, গাড়ী, দোকান। বনজুইয়ে প্ৰাণ কাঢ়িছে শতাধিক মানুহৰ। চৰকাৰী তথ্য অনুসৰি দাৱানলে বৰ্তমানলৈকে প্ৰাণ কাঢ়িছে ১১২জন মানুহৰ। সংবাদ সংস্থা এএফপিৰ প্ৰতিবেদন অনুসৰি মধ্য চিলিৰ পাহাৰত এই দাৱানলৰ সূত্ৰপাত। চিলিৰ এগৰাকী শীৰ্ষ বিষয়াই দিয়া বিশেষ টুইটত উল্লেখ কৰিছে যে মৃতকৰ সংখ্যা দিনকদিনে বাঢ়িয়েই আছে। ১১২ জনৰ ইতিমধ্যেই মৃত্যু হৈছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জনাইছে চিলিৰ ৰাষ্ট্ৰপতি গেব্ৰিয়েল বোৰিকে। শনিবাৰে বিয়লিৰ পৰা হেলিকপ্টাৰেৰে ক্ষতিগ্ৰস্থ এলেকাসমূহ পৰিদৰ্শন কৰিছে ৰাষ্ট্ৰপতি গেব্ৰিয়েলে। ২০১০ চনত চিলিৰ ভূমিকম্প আৰু ছুনামীৰ ঘটনাত প্ৰায় ৫০০ জনৰ মৃত্যু হৈছে। দাৱানলৰ কাৰণে সৃষ্ট অগ্নিকাণ্ড সেই দেশৰ সকলোতকৈ ডাঙৰ দুৰ্ঘটনা বুলি জনাইছে প্ৰেছিডেণ্ট বোৰিকে।

পূব প্ৰশান্ত মহাসাগৰৰ পাৰৰ দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম উপকূল ঘেৰি চিলি, পেৰু, ইকুয়েডত বছৰৰ শেষৰ ভাগত এক প্ৰকাৰৰ উষ্ণ দক্ষিণমুখী সোঁতৰ সৃষ্টি হয়। ইয়াৰ নাম হৈছে ‘এল নিনো’। গ্ৰীষ্মমণ্ডলীয় সেই তাপপ্ৰবাহৰ কাৰণে সেই দাবানলৰ সৃষ্টি হৈছে বুলি বিশেষজ্ঞসকলে জনাইছে। চলিত বছৰত লেটিন আমেৰিকাৰ অন্যান্য দেশসমূহত ইয়াৰ প্ৰভাৱ পৰে। চিলিৰ গৃহমন্ত্ৰী কেৰলিনা তোহাৰৰ মতে এই দাবানল চিলিৰ ইতিহাসত সকলোতকৈ ভয়াৱহ। দেওবাৰৰ দিনটোতেই মধ্য আৰু দক্ষিণ চিলিৰ প্ৰায় ৬৪ হাজাৰ একৰ মাটিত লগা জুইয়ে সকলো পুৰি ছাই কৰি পেলাইছে। চিলিৰ এই জুইয়ে সমুদ্ৰতীৰবৰ্তী কেইবাখনো চহৰকো ক্ষতিগ্ৰস্থ কৰিছে।

১৯৩১ চনত নিৰ্মাণ কৰা চিলিৰ এখন বিখ্যাত উদ্ভিদ উদ্যানো পুৰি ছাই হৈ যোৱা বুলি তথ্যপ্ৰকাশ কৰিছে চিলিৰ গৃহমন্ত্ৰীয়ে। ভিনা দেলমাৰ চহৰৰ প্ৰায় ১৬০০ মানুহৰ ঘৰ জ্বলি ছাই হৈ গৈছে। চহৰজুৰি এতিয়া কেৱল অসহায়তাৰ ছবি ফুটি উঠিছে। ঘৰ হেৰুৱাই হাহাকাৰ কৰি উঠিছে বহু লোকে। বিগত চাৰিদিন ধৰি জ্বলি থকা বনজুইয়ে মৃত উপত্যকাত পৰিণত কৰিছে ভিনাদেল মাৰ চহৰক। চহৰখনৰ চৌদিশে বগা কাপোৰেৰে ঢাকি ৰখা হৈছে বহু মৃতদেহ। সেই চহৰৰেই এজন স্থানীয় মহিলা ৰোজানা এভেণ্ডেনোয়ে ভয়ংকৰ জুইৰ বৰ্ণনা দাঙি ধৰিছে।

পেছাত ৰান্ধনী ৬৩বছৰীয়া ৰোজানা। তেওঁ সেই চহৰৰ পৰা কিছু আঁতৰত থকাৰ বাবে জীৱনটো যেনেতেনে ৰক্ষা পৰিল। ঘৰত তেওঁৰ স্বামী অকলে আছিল। বহু ঘণ্টাৰ চেষ্টাত তেওঁৰ স্বামীক সেই ভয়ংকৰ জুইৰ মাজৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছে। স্বামী আৰু তেওঁৰ প্ৰাণ ৰক্ষা পৰিলেও ঘৰ-দুৱাৰ সকলো জাহ গৈছে জুইত। ৰোজানাই এই সন্দৰ্ভত কয়, ‘এই জুই সাংঘাতিক ভয়ানক। মই ঘৰলৈ ঘূৰি যাব নোৱাৰিলো। ঘৰত মোৰ স্বামী অকলে আছিল। জুই খুব খৰতকীয়াকৈ বাঢ়ি গৈছিল। তেওঁ যেনেতেনে পলাই আহিছে। কিন্তু আমাৰ এতিয়া একো নাই। কেৱল প্ৰাণ দুটাহে বাচি আহিছে।

ৰোজানাৰ দৰে একেই অভিজ্ঞতা ভগাই লৈছে চহৰৰ বহুকেইজন লোকেই। এই জুইৰ বাবেই মধ্য চিলিৰ কেইবাটাও অংশত তাপমাত্ৰা উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে। চিলিৰ বিপৰ্যয় মোকাবিলা বাহিনীৰ সদস্যই দিনৰাত এক কৰি অগ্নিনিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। ৩১ টা অগ্নিনিৰ্বাপক হেলিকপ্টাৰেৰে সেই স্থানকেইটিত জুই নুমুওৱাৰ চেষ্টা চলাই থকা হৈছে। প্ৰায় ১৪০০ উদ্ধাৰকাৰী আৰু ১৩০০ সেনাই জুই নুমুওৱাৰ চেষ্টা অব্যাহত ৰাখিছে। জীৱ্ন্তে বহু লোকক উদ্ধাৰ কৰাৰ বিপৰীতে মৃতদেহো উদ্ধাৰ কৰিছে দলটোৱে।

দেওবাৰৰ বিয়লিলৈকে মৃতকৰ সংখ্যাই ১০০ অতিক্ৰম কৰিছে। ইয়াৰ মাজতে ৩২ টা মৃতদেহ চিনাক্ত কৰা গৈছে। চিলিৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্রধান আলভাৰো হৰমাজাবলে জনোৱা অনুসৰি দেওবাৰ দুপৰীয়া পৰ্যন্ত ৩৪ টা স্থান বনজুইয়ে গ্ৰাস কৰিছে। ইয়াৰ মাজতে ৪২ টা এলেকাত জুই নিয়ন্ত্ৰণো কৰিছে। হাজাৰ হাজাৰ লোকক সেই স্থান খালী কৰি নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। ক্ষতিগ্ৰস্থসকলক আৰ্থিক সাহায্য দিয়াৰো প্ৰতিশ্ৰুতি দিছে চিলিৰ চৰকাৰে। চিলিৰ এই বিপদৰ সময়ত কাষত থিয় হোৱাৰ প্ৰতিশ্ৰুতি দিছে আৰ্জেণ্টিনাইয়ো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?
জীৱনশৈলী

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

July 22, 2026
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ
ভাৰত

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

July 22, 2026
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?
বাণিজ্য

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

July 22, 2026
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!
বিনোদন

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

July 22, 2026
Next Post
প্ৰেমত ৰোমাণ্টিক যদিও অত্যন্ত জেদি… সংগী হিচাপে কেনে হয় বৃষ ৰাশিৰ জাতক?

প্ৰেমত ৰোমাণ্টিক যদিও অত্যন্ত জেদি... সংগী হিচাপে কেনে হয় বৃষ ৰাশিৰ জাতক?

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণৰ কলা ছায়া! চন্দ্ৰগ্ৰহণত হোলী পালন কৰিব পাৰিবনে দেশবাসীয়ে?

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণৰ কলা ছায়া! চন্দ্ৰগ্ৰহণত হোলী পালন কৰিব পাৰিবনে দেশবাসীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.