অসম লাইভ২৪ঃ আপুনি যাক ভালপায় তেওঁ বৃষ ৰাশিৰ জাতক নেকি? বৃষ ৰাশিৰ জাতকৰ মানুহৰ প্ৰকৃতি কেনেধৰণৰ হয়? কাৰণ যাৰ সৈতে আপুনি জীৱন কটাব তেওঁৰ প্ৰকৃতি কেনে হ’ব সেয়া জানি থোৱা খুবেই জৰুৰী। সন্মুখত ১৪ ফেব্ৰুৱাৰী, ভেলেণ্টাইন ডে। ভেলেণ্টাইন ডেৰ পূৰ্বেই আপোনাৰ সংগীৰ চৰিত্ৰৰ এইসমূহ অজানা দিশ জানি থোৱাটো খুবেই প্ৰয়োজন।
ৰোমাণ্টিক
বৃষ ৰাশিৰ জাতকসকল দুৰ্দান্ত ৰোমাণ্টিক চৰিত্ৰৰ হয়। তেওঁলোকে যাক ভালপায় সেই ব্যক্তিজনক সুখী কৰাৰ সম্পূৰ্ণ চেষ্টা অব্যাহত ৰাখে ব্যক্তিজনে। বৃষ ৰাশিৰ জাতকসকল ভালপোৱাত খুবেই বিশ্বাসী। তেওঁলোকে যাক ভালপায় তেওঁৰ সংগ কেতিয়াও নেৰে।
সংগীৰ প্ৰতি বিশ্বস্ত
আপোনাৰ মনৰ মানুহ বৃষ ৰাশিৰ জাতক যদি আপুনি নিশ্চিন্ত হৈ থাকক। কোনো দিনেই আপোনাক সংগীয়ে প্ৰতাৰণা নকৰে। সংগীৰ প্ৰতি এওঁলোক সৎ হয়। লুকাই চুৰকৈ অন্যৰ সৈতে প্ৰেম কৰাত বিশ্বাসী মুঠেও নহয় এই ৰাশিৰ জাতক। এওঁলোক অত্যন্ত সৎ হয়।
ধৈৰ্যশীল
বৃষ ৰাশিৰ জাতক ধৈৰ্য্যশীল। এওঁলোকে সকলো কাম ধৈৰ্য্যৰে কৰে। বৃষ ৰাশিৰ জাতক দীৰ্ঘস্থায়ী সম্পৰ্কত বিশ্বাসী। সংগী বিপদত পৰিলে এওঁলোক কাষতেই থাকে।
জেদি
অত্যন্ত জেদি হয় বৃষ ৰাশিৰ জাতকসকল। এওঁলোকে যি ভাৱে সকলোবোৰ নিজৰমতেই কৰিবলৈ যত্ন কৰে। নিজৰ মতামত সৰ্বতোপ্ৰকাৰে ৰাখিবলৈ যত্ন কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ