বি
cশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ চীন এতিয়া বুঢ়া হৈছে৷ বয়স্ক লোকৰ তুলনাত চিন্তনীয়ভাৱে হ্ৰাস পাইছে যুৱপ্ৰজন্মৰ সংখ্যা৷ সেয়েহে চীনত সলনি কৰা হৈছে One Child Policy৷ এতিয়াৰে পৰা একাধিক সন্তান জন্ম দিলে বিনিময়ত চৰকাৰে পিতৃ-মাতৃলৈ আগবঢ়াব ১১.৫০ লাখকৈ টকা৷ পিতৃ-মাতৃৰ গৌৰৱ অৰ্জনৰ বাবেও চৰকাৰী বোনাচৰ সুবিধা কৰিছে চীনে৷ বিবাহিত দম্পতীক সন্তান জন্ম দিবৰ বাবে উৎসাহিত কৰিব বাবেই এই নতুন নীতি গ্ৰহণ কৰিছে দেশখনে৷
তৃতীয় সন্তান জন্ম দিলে প্ৰদান কৰিব এই বৃহৎ অংকৰ বোনাচ৷ দ্বিতীয়টো সন্তানৰ বিনিময়ত প্ৰদান কৰিব ৭ লাখ টকা৷ এটি সন্তানৰ নীতিয়ে দেশখনত ভৱিষ্যৎ প্ৰজন্মৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হোৱাৰ বাবেই এই সুবিধা নাগৰিকলৈ আগবঢ়াইছে চীনৰ চৰকাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ