চীনৰ ৰাষ্ট্ৰপতি জিনপিং অহা ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া BRICS সন্মিলনত অংশগ্ৰহণ কৰিব পাৰে। যদি তেওঁ ভাৰতলৈ আহে, তেন্তে এয়া হ’ব ৭ বছৰৰ পিছত তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ। ভাৰতত ১২ আৰু ১৩ ছেপ্টেম্বৰত BRICS সন্মিলন অনুষ্ঠিত হ’ব। ৰয়টাৰ্ছৰ এক প্ৰতিবেদন অনুসৰি, ঝি জিনপিঙৰ সৈতে প্ৰায় ৪০০জনীয়া এটা বৃহৎ প্ৰতিনিধি দল ভাৰতলৈ আহিব পাৰে। ইয়াৰ পূৰ্বে ২০১৯ চনত তেওঁ শেষবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল। সেই সময়ত তেওঁৰ সৈতে ২০০জনতকৈ কম বিষয়া আৰু প্ৰতিনিধি আছিল।
সীমা বিবাদ আৰু LAC হ’ব গুৰুত্বপূৰ্ণ বিষয়
জিনপিঙৰ সম্ভাব্য ভাৰত ভ্ৰমণৰ প্ৰস্তুতিৰ মাজত ভাৰত আৰু চীনৰ সীমা বিবাদ অন্যতম গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। বিশেষকৈ Line of Actual Control (LAC)ত শান্তি আৰু স্থিৰতা বজাই ৰখাৰ বিষয়টোৱে আলোচনাত গুৰুত্ব পাব পাৰে। দুয়োখন দেশে এনে এক ব্যৱস্থা গঢ়ি তোলাৰ বিষয়েও আলোচনা কৰি আছে, যাতে সীমান্তত কোনো সামৰিক ঘটনা বা উত্তেজনাৰ সৃষ্টি হ’লে তাৰ প্ৰভাৱ ভাৰত-চীনৰ সামগ্ৰিক সম্পৰ্কত নপৰে। ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্কত কেৱল সীমা বিবাদেই নহয়, বাণিজ্য আৰু অৰ্থনৈতিক বিষয়ো গুৰুত্বপূৰ্ণ। চীনৰ সৈতে থকা বৃহৎ বাণিজ্য ঘাটি হ্ৰাস কৰাটো ভাৰতৰ অন্যতম লক্ষ্য। ইয়াৰ উপৰি Rare Earth Magnet, ইলেক্ট্ৰনিক উপাদান আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত চীনৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবেও ভাৰতে চেষ্টা চলাই আছে। এই বিষয়সমূহো দুয়োখন দেশৰ আলোচনাত স্থান পাব পাৰে।
এইবাৰ BRICSৰ নেতৃত্বত ভাৰত
এই বছৰ BRICSৰ অধ্যক্ষতাৰ দায়িত্ব ভাৰতৰ হাতত আছে। BRICS হৈছে বিশ্বৰ কেইবাখনো বৃহৎ উদীয়মান অৰ্থনীতিৰ দেশক লৈ গঠিত এটা আন্তঃৰাষ্ট্ৰীয় মঞ্চ।
বৰ্তমান BRICSত ভাৰত, ৰাছিয়া, চীন, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাৰ লগতে ইজিপ্ত, ইৰাণ, ইথিওপিয়া, সংযুক্ত আৰব আমিৰশ্বাহী আৰু ইণ্ডোনেছিয়াও আছে। ভাৰতৰ অধ্যক্ষতাত বছৰজুৰি দেশখনৰ বিভিন্ন চহৰত BRICSৰ বিভিন্ন বৈঠক, মন্ত্ৰী পৰ্যায়ৰ সন্মিলন আৰু আন বহু আলোচনা অনুষ্ঠিত হৈ আছে।
ভাৰতৰ মূল লক্ষ্য কি?
ভাৰতৰ অধ্যক্ষতাৰ সময়ছোৱাত উন্নয়নশীল দেশসমূহৰ কণ্ঠ অধিক শক্তিশালী কৰা, অৰ্থনৈতিক সহযোগিতা বৃদ্ধি, শক্তি সুৰক্ষা নিশ্চিত কৰা, ডিজিটেল প্ৰযুক্তিৰ বিকাশ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ আৰু বিশ্বৰ যোগান শৃংখল অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। অৰ্থাৎ, ভাৰতৰ লক্ষ্য কেৱল ৰাজনৈতিক আলোচনাৰ মঞ্চ হিচাপে BRICSক আগুৱাই নিয়া নহয়। বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি আৰু উন্নয়নৰ ক্ষেত্ৰতো BRICSক এক শক্তিশালী মঞ্চ হিচাপে গঢ়ি তোলাৰ চেষ্টা চলোৱা হৈছে। এই পৰিপ্ৰেক্ষিতত জিনপিঙৰ সম্ভাব্য ভাৰত ভ্ৰমণ যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। সীমা বিবাদৰ পৰা আৰম্ভ কৰি বাণিজ্য, যোগান শৃংখল আৰু দুয়োখন দেশৰ মাজৰ সামগ্ৰিক সম্পৰ্ক—বহু গুৰুত্বপূৰ্ণ বিষয়ত ভাৰত আৰু চীনৰ শীৰ্ষ নেতৃত্বৰ আলোচনাৰ সম্ভাৱনা আছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















