• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

3 months ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

42 minutes ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

2 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

3 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

4 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

4 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

5 hours ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

5 hours ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

6 hours ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

6 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

7 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

8 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

৩০ হাজাৰ কোটি টকাৰ উৎকোচ লৈ দোষী সাব্যস্ত

editor by editor
July 7, 2026
in অপৰাধ, বিশ্ব, লেখা
0
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়
0
SHARES
227
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চীনৰ এখন আদালতে সোমবাৰে উৎকোচ লোৱাৰ অভিযোগত দেশখনৰ এজন প্ৰাক্তন চৰকাৰী বিষয়াক মৃ*ত্যুদণ্ডৰ ৰায় দিয়ে। অভিযুক্ত বিষয়াজনৰ নাম য়াং য়ৌলিন। অভিযোগ অনুসৰি, তেওঁ প্ৰায় ৩০ বছৰৰ ধৰি নিজৰ ক্ষমতা আৰু পদমৰ্যাদাৰ অপব্যৱহাৰ কৰি বিপুল পৰিমাণৰ উৎকোচ লৈছিল। য়াং চীনৰ পূব উপকূলীয় জিয়াংছু প্ৰদেশৰ ৰাজধানী নানজিঙৰ প্ৰাক্তন অৰ্থনৈতিক উন্নয়ন বিষয়াৰূপে দায়িত্ব পালন কৰিছিল। চাংঝৌ ইণ্টাৰমিডিয়েট পিপলছ কোৰ্টে সোমবাৰে প্ৰকাশ কৰা এক বিবৃতিত জনায় যে, য়াঙে ১৯৯৩ চনৰ পৰা ২০২৩ চনৰ ভিতৰত অবৈধভাৱে ২.২১ বিলিয়ন ইউয়ান (প্ৰায় ৩০০০ কোটি টকা) মূল্যৰ সম্পদ উৎকোচৰ জৰিয়তে আহৰণ কৰিছিল। ইয়াৰ উপৰিও তেওঁৰ বিৰুদ্ধে চৰকাৰী ধন আত্মসাৎ, ক্ষমতাৰ অপব্যৱহাৰ আৰু মানী লণ্ডাঙৰ অভিযোগো প্ৰমাণিত হৈছে। আদালতৰ মতে, বিগত কিছু বছৰৰ ভিতৰত এয়া চীনত উদ্ধাৰ হোৱা আটাইতকৈ বৃহৎ দুৰ্নীতিৰ ঘটনাসমূহৰ ভিতৰত অন্যতম।

১৯৯৩ৰ পৰা মেলিছিল দুৰ্নীতিৰ পোহাৰ

চীনৰ এটা সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ৬৯ বছৰীয়া য়াং য়ৌলিনে ১৯৯৩ চনৰ পৰা ২০২৩ চনলৈ নানজিঙত বিভিন্ন গুৰুত্বপূৰ্ণ পদত কৰ্মৰত আছিল। তেওঁ নিজৰ প্ৰভাৱ আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰি বহু লোকক অভিযান্ত্ৰিক ঠিকাদাৰী, ভূমি হস্তান্তৰ আৰু বিত্তীয় সুবিধা লাভ কৰাত সহায় কৰিছিল। ইয়াৰ বিনিময়ত তেওঁ নগদ ধন আৰু মূল্যৱান সামগ্ৰীৰ ৰূপত বিপুল পৰিমাণৰ উৎকোচ গ্ৰহণ কৰিছিল। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে আৰম্ভ কৰা দুৰ্নীতি বিৰোধী অভিযানৰ অংশ হিচাপে য়াং য়ৌলিনৰ বিৰুদ্ধে তদন্ত চলোৱা হয়। এই অভিযানৰ আওতাত সামৰিক বাহিনী, উচ্চ পৰ্যায়ৰ বেংকিং খণ্ড আদি বিভিন্ন ক্ষেত্ৰতো তদন্ত চলোৱা হৈছে। অৱশ্যে সমালোচকসকলে অভিযোগ কৰে যে, এই অভিযান কেতিয়াবা ৰাজনৈতিক প্ৰতিদ্বন্দ্বীক আঁতৰাবলৈও ব্যৱহাৰ কৰা হয়। আদালতে কয় যে, য়াঙে নিজৰ কৰ্মজীৱনৰ অধিকাংশ সময় নানজিঙৰ অৰ্থনৈতিক আৰু প্ৰযুক্তিগত উন্নয়ন ক্ষেত্ৰত কাম কৰিছিল যদিও তেওঁ অত্যন্ত গুৰুতৰ অপৰাধ সংঘটিত কৰিছে। তেওঁৰ কাৰ্যকলাপে ৰাষ্ট্ৰ আৰু জনসাধাৰণৰ স্বাৰ্থৰ ওপৰত ব্যাপক ক্ষতি সাধন কৰিছে।

দোষ স্বীকাৰ অভিযুক্তৰ

বিচাৰৰ সময়ত য়াং য়ৌলিনে নিজৰ অপৰাধ স্বীকাৰ কৰাৰ লগতে নিজৰ কৰ্মৰ বাবে গভীৰ অনুতাপ প্ৰকাশ কৰে। তদন্তকাৰী সংস্থাক কিছুমান বিষয়ত তেওঁ সহযোগিতা কৰিছিল যদিও আদালতে কয় যে, তেওঁৰ অপৰাধৰ গুৰুত্ব ইমানেই বেছি যে এই সহযোগিতাৰ ভিত্তিত শাস্তি লাঘৱ কৰাৰ কোনো অৱকাশ নাই। এই গোচৰৰ ৰাজহুৱা শুনানি মাৰ্চ আৰু এপ্ৰিলত দুটা পৃথক দিনত অনুষ্ঠিত হৈছিল। আদালতৰ তথ্য অনুসৰি, দুয়োটা শুনানিত ৩০ জনতকৈ অধিক লোক উপস্থিত আছিল। আদালতে য়াঙৰ ব্যক্তিগত সম্পত্তি জব্দ কৰাৰ লগতে উৎকোচ হিচাপে গ্ৰহণ কৰা সমগ্ৰ ধন উদ্ধাৰ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিছে। উল্লেখ্য যে, চীনত দুৰ্নীতিৰ অভিযোগত বহু জ্যেষ্ঠ বিষয়াক পূৰ্বেও মৃ*ত্যুদণ্ড দিয়া হৈছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24china
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭
ভাৰত

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

October 6, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

October 6, 2026
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?
অসম

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

October 6, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

October 6, 2026
Next Post
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ'ব আপোনাৰ ঘৰ!

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.