• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলি যুগৰ দাতা কৰ্ণ! ৩ কোটিৰ ফ্লেট ফল বিক্ৰেতাক দান কৰিলে বৃদ্ধই

কলি যুগৰ দাতা কৰ্ণ! ৩ কোটিৰ ফ্লেট ফল বিক্ৰেতাক দান কৰিলে বৃদ্ধই

2 years ago
মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

5 hours ago
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

6 hours ago
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

7 hours ago
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

8 hours ago
কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

8 hours ago
ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

9 hours ago
৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

10 hours ago
TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

10 hours ago
বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

11 hours ago
নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

12 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

টকা নাথাকে নেকি ঘৰত? এই ৫ টা কামে সহায় কৰিব ধন আগমণত!

14 hours ago
SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কলি যুগৰ দাতা কৰ্ণ! ৩ কোটিৰ ফ্লেট ফল বিক্ৰেতাক দান কৰিলে বৃদ্ধই

editor by editor
December 25, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
কলি যুগৰ দাতা কৰ্ণ! ৩ কোটিৰ ফ্লেট ফল বিক্ৰেতাক দান কৰিলে বৃদ্ধই
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মহাভাৰতত দাতা কৰ্ণৰ নাম কম-বেছি বহুতেই শুনিছে। বৰ্তমান সময়ত এনে মানুহ কিন্তু পোৱা খুবেই কঠিন। সম্প্ৰতি কৰ্ণৰ দৰে এগৰাকী ৮৮ বছৰীয়া বৃদ্ধৰ সন্ধান পোৱা গৈছে চীনৰ ছাংহাই প্ৰদেশত। তেওঁ মৃত্যুৰ পাছত এগৰাকী ফল দোকানীক এই সম্পত্তি দান দি গৈছে। এই ঘটনা প্ৰকাশ্যে অহাৰ পাছতেই আৰম্ভ হৈছে চৰ্চা। ফল বিক্ৰেতাক ৮৮ বছৰ বয়সীয়া বৃদ্ধই ফ্লেট দানৰ খবৰ প্ৰকাশ হৈছে চীনৰ এটা সংবাদমাধ্যমে প্ৰকাশ কৰিছে এই তথ্য।

ভাইৰেল খবৰ অনুসৰি দান কৰা ফ্লেটটোৰ দাম প্ৰায় ৩.৮৪ কোটি। বৃদ্ধৰ এই সিদ্ধান্তই আত্মীয়-স্বজনকো হতবাক কৰিছে। দানৰ কাৰণো অন্যতকৈ পৃথক এইগৰাকী বৃদ্ধাৰ। দানৰ আঁৰৰ কাৰণ শুনি এতিয়া বিশ্বজুৰি নেটিজেনে কৰিছে বৃদ্ধাৰেই প্ৰশংসা।

বৃদ্ধাই কিয় দান দিলে কোটিটকীয়া সম্পত্তি?
চীনৰ ছাংহাই প্ৰদেশৰ বাসিন্দা সেই বৃদ্ধাৰ নাম মা। ফল বিক্ৰেতা লিউৰ সৈতে মাৰ কোনো তেজৰ সম্পৰ্ক নাই। বৃদ্ধা মায়ে কোটিটকীয়া ঘৰত অকলেই বাস কৰি আহিছিল। তেওঁক চোৱাচিতা কৰিবলৈকো কাষত কোনো নাই। আলপৈচন ধৰোতা কোনো নথকাৰ বাবে বিভিন্ন সমস্যাৰো সন্মুখীন হৈছিল বৃদ্ধাগৰাকী। বৃদ্ধাৰ শাৰীৰিক অৱস্থাৰ কথা চিন্তা কৰি তিনি বছৰ পূৰ্বে ফল বিক্ৰেতা লিউয়ে তেওঁৰ পত্নীক লৈ বৃদ্ধাৰ ঘৰত থাকি বৃদ্ধাক আলপৈচন ধৰি আহিছিল। বৃদ্ধাৰ সম্পূৰ্ণ দায়িত্বও গ্ৰহণ কৰিছিল লিউ আৰু তেওঁৰ পত্নীয়ে।

লিউৰ এই কাৰ্যত সন্তুষ্ট হৈয়েই ৮৮ বছৰীয়া মায়ে সিদ্ধান্ত লয় যে সেই সম্পত্তি তেওঁ ফল বিক্ৰেতাৰ নামত লিখি দিব। যেনে ভাৱনা, তেনে কাম। তেওঁৰ মৃত্যুৰ পাছতেই ফল বিক্ৰেতা লিউ সম্পত্তিৰ গৰাকী গৈছে। বৃদ্ধাই মৃত্যুৰ পূৰ্বেই তেওঁৰ সকলো সম্পত্তি ওইল কৰি গৈছে।

সম্পত্তি লিখি গ’লেও ফল বিক্ৰেতা লিউক সম্পত্তি দিব বিচৰা নাই এইবাৰ বৃদ্ধাৰ ভনীয়েকে। চীনা সংবাদমাধ্যমে দাবী কৰামতে ২০২১ চনৰ ৩১ ডিচেম্বৰত বৃদ্ধাৰ মৃত্যু হৈছে। সেই সময়ত বৃদ্ধাৰ বেংক একাউণ্টৰ সকলো তথ্য তেঁওৰ ভনীয়েকৰ হাতত আছিল। বৃদ্ধাই উইল কৰাৰ বাবে বেংকৰ তথ্য ভনীয়েকৰ হাতত থাকিলেও সকলো সম্পত্তি লিউৱে লাভ কৰিব লাগে। কিন্তু ভনীয়েকে লিউক সেই সম্পত্তি দিবলৈ অস্বীকাৰ কৰিছে। ভনীয়েকৰ মতে তেজৰ সম্পৰ্ক থকা হেতুকে তেওঁহে এই সম্পত্তিৰ অধিকাৰী। সম্পত্তিৰ ভাগ বটোৱাৰাক লৈ এইবাৰ আদালতৰ দ্বাৰস্থ হৈছে ফল বিক্ৰেতা লিউ।

আদালতত কি কৈছে বৃদ্ধাৰ ৩গৰাকী ভনীয়েকে?

চলিত ডিচেম্বৰ মাহৰ আৰম্ভনিতেই চীনৰ ছাংহাই প্ৰদেশৰ এখন আদালতত জৱাব দিয়াৰ সময়ত চাঞ্চল্যকৰ দাবী কৰিছে বৃদ্ধাৰ ভনীয়েকে। তিনি ভগ্নীৰ দাবী য়ে তেওঁলোকৰ বায়েকৰ সম্পত্তি ফল বিক্ৰেতাই চোৱাচিতা কৰাৰ বিনিময়ত দিব লাগিব বুলি চুক্তি কৰি লৈছিল। যাৰবাবে অনিচ্ছাস্বত্ত্বেও এই সম্পত্তি বৃদ্ধাই ফল বিক্ৰেতাৰ নামত উইল কৰিব লগা হয়। ইফালে বয়সৰ সৈতে মানুহৰ মন-মগজুও কিছু পৰিমানে দুৰ্বল হৈ পৰে। এই দুৰ্বলতাৰেই সুযোগ গ্ৰহণ কৰিছিল লিউয়ে। ৩ ভগ্নীয়ে এই দাবী কৰিলেও আদালতে ভগ্নীৰ দাবী মানি লোৱা নাই। বৃদ্ধা মায়ে উইল কৰি যোৱা হেতুকে এই সম্পত্তি লিউয়েই পাব বুলি ৰায় দিছে ছাংহাইৰ প্ৰদেশৰ বিশেষ আদালতে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?
জীৱনশৈলী

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

June 9, 2026
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI
বিশ্ব

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

June 9, 2026
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?
বিনোদন

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

June 9, 2026
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 
শিক্ষা

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

June 9, 2026
Next Post
শনি আৰু লক্ষ্মীৰ ভিতৰত বিষ্ণুৰ প্ৰিয় কোন? উত্তৰত নাৰায়ণে কি কৈছিল?

শনি আৰু লক্ষ্মীৰ ভিতৰত বিষ্ণুৰ প্ৰিয় কোন? উত্তৰত নাৰায়ণে কি কৈছিল?

ঘৰত থাকি সন্তান জন্ম দিয়ক! নিজে গঢ়া আইন নিজেই ভংগ কৰি ৰুছবাসীলৈ কিয় সন্তান জন্ম দিবলৈ কাতৰ অনুৰোধ জনাইছে ৰুছ প্ৰেছিডেণ্টে?

ঘৰত থাকি সন্তান জন্ম দিয়ক! নিজে গঢ়া আইন নিজেই ভংগ কৰি ৰুছবাসীলৈ কিয় সন্তান জন্ম দিবলৈ কাতৰ অনুৰোধ জনাইছে ৰুছ প্ৰেছিডেণ্টে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.