কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পাছতো বিহাৰ নিৰ্বাচন খেলিব চিৰাগে, হ’ব নেকি বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী
বিহাৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক কাৰ্যকলাপ তীব্ৰতৰ হৈ পৰিছে। সকলো ৰাজনৈতিক দলে নিজৰ কৌশল চূড়ান্ত কৰাত ব্যস্ত। এইবাৰ কোন হব বিহাৰৰ মুখ্যমন্ত্ৰী তাকে লৈ বহু জল্পনা কল্পনা। নতুন চেহেৰাই এইবাৰ বিহাৰৰ মুখ্যমন্ত্ৰী পদ লাভ কৰিব বুলি বহুলোকেই মত প্ৰকাশ কৰিছে।
তাৰে মাজতে লোক জনশক্তি পাৰ্টিৰ সংসদীয় ব’ৰ্ডৰ বৈঠকত এটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী তথা দলটোৰ ৰাষ্ট্ৰীয় সভাপতি চিৰাগ পাছৱানে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি তথ্য প্ৰকাশ পাইছে।
কিছুদিন পূৰ্বে এনডিটিভিৰ সৈতে হোৱা বিশেষ বাৰ্তালাপত চিৰাগ পাছোৱানে এই সিদ্ধান্তৰ দিশত ইংগিত দিছিল। সেই সময়ছোৱাত তেওঁ কৈছিল যে দলীয় কৰ্মীসকলে মোক মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰে। মোৰ দৃষ্টিভংগী বিহাৰ প্ৰথম।
এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এন ডি এ চৰকাৰৰ মন্ত্ৰী হোৱাৰ পাছতো চিৰাগ পাছৱানে বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা কৰিছে। চিৰাগৰ পিছত এই সম্পন্ধে ভনী জোঁৱাই অৰুণ ভাৰতীয়েও এই সন্দৰ্ভত ইংগিত প্ৰদান কৰিছে।
ইয়াৰ পূৰ্বে চিৰাগ পাছৱানে নিজেই বহুবাৰ কৈছে যে তেওঁ বিহাৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে। যোৱা সপ্তাহত চিৰাগ পাছৱানে হাজীপুৰৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কৈছিল।
যদি চিৰাগে নিৰ্বাচন খেলে আৰু তেখেতৰ দলে নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰে , তেন্তে বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হব চিৰাগ পাছৱান।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















