বিক্ৰম, ৰশ্মিকা মান্দানা, জ্যোতিকা ছাদানা, সূৰ্যৰ দৰে দক্ষিণা ছুপাৰষ্টাৰসকৰ পূৰ্বেই আগুৱাই আহিছিল৷ কেৰালাৰ ৱায়নাডত বানক্ষতিগ্ৰস্থৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰী পুঁজিত তেওঁলোকে দিছে মোটা অংকৰ অনুদান৷ এইবাৰ মৃত্যুপুৰী ৱায়নাডৰ পুনৰ উত্তৰণৰ বাবে বৃহৎ আৰ্থিক সাহায্য দান কৰিলে চিৰঞ্জিৱী আৰু ৰামচৰণেও৷ পিতা-পুত্ৰ মিলি এক কোটি টকাৰ অনুদান আগবঢ়ালে কেৰালাৰ ৱায়নাডৰ বান বিধ্বস্তলৈ৷ এই বিধ্বস্ত ৱায়নাডৰ কাষত থিয় দিছে পুষ্পা ষ্টাৰ আল্লু অৰ্জুনো৷
কেৰালাৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক অনুদান আগবঢ়াই মেগাষ্টাৰ চিৰঞ্জিৱীয়ে কয়, ‘বিগত কেইটা দিনৰ প্ৰকৃতিৰ ৰোষত পৰি কেৰালাত শ শ লোকে জীৱন হেৰুৱালে৷ ক্ষয় ক্ষতিৰ পৰিমাণো প্ৰচুৰ৷ ৱায়নাডৰ এই বিপৰ্যয়ত মই গভীৰভাৱে মৰ্মাহত হৈছো৷ মই আৰু ৰামচৰণে এক কোটি সাহায্য আগবঢ়াইছো৷ যিসকলৰ ক্ষতি হৈছে তেওঁলোকৰ ওচৰত আমি সদায়ে আছো৷ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো সকলোবোৰ যাতে সোনকালেই ঠিক হয়৷’
অন্যহাতে ২৫লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াই আল্লু অৰ্জুনে কয়, ‘কেৰালাই আমাক বহু দিছে৷ এইবাৰ মই তেওঁলোকক অলপমান সহায় হোৱাকৈ ২৫ লাখ টকা দিছো৷ সেয়া মোৰ কৰ্তব্য বুলিয়েই ভাৱিছো৷’ প্ৰকৃতিৰ ৰুদ্ৰৰোষত কেৰালাৰ ৱায়নাড মৃত-উপত্যকাত পৰিণত হৈছে৷ বেচৰকাৰী তথ্য মতে মৃত্যুৰ সংখ্যা ৩০০ পাৰ হৈছে৷ বিপৰ্যয়ৰ সন্মুখীন হৈ নিজৰ ঘৰ এৰি পলাইছে বহুসংখ্যকেই৷ এই ভূমিস্খলনৰ ঘটনাত ৱায়নাডত অন্তত ৩৫০ টা ঘৰ ক্ষতিগ্ৰস্থ হৈছে৷ প্ৰতিকূল বতৰৰ বাবে বাৰে বাৰে বিঘ্নিত হৈছে উদ্ধাৰৰ কাম৷
বৃহস্পতিবাৰে সন্ধিয়া চুৰালমালা আৰু মুণ্ডাকাই গাঁৱৰ মাজত বেইলি ব্ৰিজ অৱশেষত বনাবলৈ সক্ষম হৈছে প্ৰশাসনে৷ সেই দলঙেৰেই তেওঁলোকে উদ্ধাৰৰ বাবে প্ৰয়োজনীয় সৰঞ্জাম লৈ যাব পাৰিছে বিপৰ্যয় মোকাবিলা বাহিনীয়ে৷ বিগত পাঁচদিন ধৰি চলিছে উদ্ধাৰৰ কাম৷ চৰকাৰী মতে, মৃতকৰ সংখ্যা ২১৫৷ নিখোঁজ ২০৬ জন৷ যদিও বেচৰকাৰী মতে সংখ্যাটো বহু বেছি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ