অসম লাইভ২৪ঃ বিশ্বজুৰি বৰদিনৰ উছাহ। খ্ৰীষ্টমাছ ট্ৰী, ছাণ্টা ক্লজ, নানান স্বাদৰ কেকৰ আদান প্ৰদানেৰে যীশুখৃষ্টৰ জন্মদিন পালন কৰে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকে। ২৫ ডিচেম্বৰত প্ৰায় সমগ্ৰ বিশ্বই পালন কৰে এই উৎসৱ। কিন্তু এই কথা জানি আপোনালোকো আচৰিত হ’ব যে, বিশ্বত এনে কেইখনমান দেশ আছে য’ত আজিও বৰদিন পালন কৰা নহয়। কিয় এইসমূহ দেশত বৰদিন পালন কৰা নহয় সেই কথা জানিলে আপোনাৰো চকু কঁপালত উঠিব।
কোন কোন দেশত খ্ৰীষ্টমাছ পালন কৰা নহয়?
ভুটান
ভুটানৰ জনসংখ্যাৰ অধিকাংশই বৌদ্ধ ধৰ্মাৱলম্বী। হিমালয়ৰ কোলাত থকা এই ক্ষুদ্ৰ দেশখনৰ খ্ৰীষ্টিয়ান ধৰ্মৰ মানুহ এক শতাংশতকৈয়ো কম। সেয়ে ভুটানত বৰদিন পালন কৰা নহয়। আনকি ভুটানৰ কেলেণ্ডাৰতো খ্ৰীষ্টমাছৰ কোনো স্থান নাই।
পাকিস্তান
পাকিস্তানতো খ্ৰীষ্টমাছ পালন কৰা নহয়। বৰদিন পালন নকৰিলেও কিন্তু পাকিস্তানৰ কেলেণ্ডাৰত এই দিনটো বন্ধৰ দিন বুলি উল্লেখ কৰা আছে। বৰদিন উপলক্ষে অৱশ্যে এই বন্ধ নহয়। ২৫ ডিচেম্বৰৰ দিনটো প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী মহম্মদ আলি জিন্নাৰ জন্মদিন। মহম্মদ আলি জিন্না পাকিস্তানৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আছিল। সেয়ে এই দিনটো বিশেষভাৱে পালন কৰে পাক জনতাই।
ছোমালিয়া
২০১৫ চনত আফ্ৰিকা মহাদেশৰ অন্যতম দেশ ছোমালিয়াত বিশেষ ধৰ্মীয় আইন বলবৎ কৰা হয়। তেতিয়াৰে পৰাই ছোমালিয়াত খ্ৰীষ্টমাছৰ পালন নিষিদ্ধ ঘোষণা কৰা হৈছে। ধৰ্মীয় কাৰণতেই ছোমালিয়াতো বৰদিন পালন কৰা নহয়।
আফগানিস্তান
খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীসকলৰ বৰদিন অন্যতম হ’লেও মুছলমান দেশত ইয়াৰ আয়োজন মুঠেও নাই। খ্ৰীষ্টিয়ান ধৰ্মৰ কোনো উৎসৱেই আফগানিস্তানত পালন কৰা নহয়। ইয়াৰ প্রশাসনেও কোনো খ্ৰীষ্টিয়ান উৎসৱ পালনৰ বাবে অনুমতি নিদিয়ে।
চীন
বিশ্বৰ প্ৰায় সকলো দেশতেই বৰদিন পালন কৰিলেও চীনে এই দিনটোক উদযাপন নকৰে। চীন কোনো ধৰ্মীয় উৎসৱ পালনত বিশ্বাসী নহয়। সেয়ে বৰদিনো এই দেশত পালন কৰা নহয়। খ্ৰীষ্টমাছৰ দিনটো অন্য দিনাৰ দৰেই জীৱন নিৰ্বাহ কৰে চীনৰ জনতাই।
এইকেইখন দেশৰ ওপৰিও ইৰাণ, উজবেকিস্তান, তুৰস্ক, বাহৰিন, লিবিয়া, কম্বোডিয়া আৰু ইজৰাইলতো খ্ৰীষ্টমাছ পালন কৰা নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ