ওছামা বিন লাডেন এতিয়া এই পৃথিৱীত নাই৷ লাডেন বুলিলেই ৰূঢ় এক সন্ত্ৰাসবাদৰ ছবি আমাৰ সন্মুখত ফুঁটি উঠে যদিও, লাডেনৰ সেই সন্ত্ৰাসবাদী মুখাৰ আঁৰত আছিল সংগীত প্ৰিয় এটা মন৷ সেই মনটোক জীৱিত কালত কোনেও নাজানিলেও মৃত্যুৰ পাছত লাডেনৰ ব্যক্তিগত লেপটপ খুচৰি পোৱা গৈছে এই তথ্য৷ ভাৰতীয় সংগীতৰ প্ৰতি বিশেষ ধাউতি আছিল লাডেনৰ সেই কথাৰো প্ৰমাণ পোৱা গৈছে৷ ভাৰতীয় সংগীতৰ ফেন আছিল লাডেন৷ বিশেষকৈ কুমাৰ ছানু আৰু আলকাই য়াগনিকৰ গীতৰ সংৰক্ষণ নিজৰ লেপটপত ৰাখিছিল লাডেনে৷ আমেৰিকাৰ চোৰাংচোৱা সংস্থা চি আই এই এই তথ্য ৰাজহুৱা কৰিছে৷
ওছামা বিন লাডেনৰ ব্যক্তিগত ৪লাখ ৭০ হাজাৰ ফাইলৰ পৰীক্ষা কৰিছে আমেৰিকাৰ চোৰাং চোৱা সংস্থাই৷ পাকিস্তানৰ এবটাবাদত লাডেনক ধৰাৰ সময়ত এই তথ্য লাভ কৰিছে আমেৰিকাৰ চোৰাং চোৱা সংস্থাই৷ কেৱল সংগীতেই প্ৰিয় নাছিল লাডেনৰ৷ লাডেনে প্ৰায় প্ৰতিসময়তেই চাইছিল কাৰ্টুন টম এণ্ড জেৰি৷ কেৱল কাৰ্টুন সংগীততেই আগ্ৰহী আছিল তেনে নহয়৷ লাডেনৰ ভিতৰত লুকাই আছিল আন এক ৰূপো যাৰ বাবে প্ৰতিসময়তেই নীলা ছবিও চাইছিল লাডেনে৷
ইফালে সংগীতৰ কথা যদি কোৱা হয় তেন্তে লাডেনে ভাৰতীয় সংগীতশিল্পীৰ সংগীত নিজৰ ড্ৰাইভত ৰাখিছিল৷ ৯০ৰ দশকৰ জনপ্ৰিয় সংগীত অজনবী মুঝকৌ ইতনা বাতা, তু চান্দ হে পুনম কা ইত্যাদি গীত নিজৰ কম্পিউটাৰ ড্ৰাইভত ৰাখিছিল৷ কবিতা শুনিছিল টুইংকল টুইংকল লিটিল ষ্টাৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ