শৰীৰৰ অত্যন্ত গুৰুত্বপূৰ্ণ অংগ হৈছে লিভাৰ বা যকৃত৷ পাচনক্ৰিয়াত সকলোতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লয় যকৃতে৷ তাতেই খাদ্যৰ মাধ্যমেৰে গৃহীত নিউট্ৰিয়েণ্ট প্ৰতিদিনে যায়৷ কাৰ্বহাইড্ৰেট, প্ৰটিন ফেটৰ দৰে নিউট্ৰিয়েণ্ট৷ চিকিৎসকে কৈছে যে সাধাৰণতে পাঁচৰ পৰা ছয় শতাংশ চৰ্বি শোষণ কৰিব পাৰে যকৃতে৷ কিন্তু তাতকৈ বেছি চৰ্বি জমা হলে সেয়া স্বাস্থ্যৰ বাবে বিপজ্জনক৷
সময়মতে চিকিৎসা নকৰিলে এই অসুখে ভয়ংকৰ পৰিণতি কঢ়িয়াই আনিব পাৰে৷ হ’ব পাৰে ছিৰোচিত অভ লিভাৰো৷ চিৰোছিচ অফ লিভাৰ শুনিলেই মনলৈ আহে মদ্যপানৰ পৰাই বোধহয় এই পৰিণতি৷ কিন্তু এয়া আংশিক সত্য৷ মনত ৰাখিব লাগিব যে মদ নাখালেও লিভাৰৰ চিৰোছিচ হ’ব পাৰে৷ আৰু লিভাৰৰ এই সমস্যাটো হঠাৎ এদিন ধৰা পৰিব তেনে নহয়৷ সুদীৰ্ঘকাল ধৰি ৰোগীক সংকেত দিব পাৰে লিভাৰে৷ কেনেকৈ জানিব?
লিভাৰ চিৰোছিচ হৈছে লিভাৰৰ এনে এক ৰোগ যিয়ে বহু বছৰ ধৰি লিভাৰৰ ক্ষতি কৰি থাকে৷ সময়মতে চিকিৎসা নকৰিলে মাৰাত্মক প্ৰমাণিত হ’ব পাৰে এই অসুখ৷ লিভাৰ চিৰোছিচ হৈছে ফাইব্ৰোছিচৰ এক গুৰুত্বপূৰ্ণ পৰ্যায়৷ যেতিয়া লিভাৰত কোনো ৰোগ হয় তেতিয়া লিভাৰৰ টিছ্যু ক্ষতিগ্ৰস্থ হয়৷ এই পৰিস্থিতিত লিভাৰে নিজেই নিজকে মেৰামতি কৰে৷ ঔষধৰ সাহায্যতে সেই প্ৰক্ৰিয়া সহয় হয়৷ যদি ছিৰোচিছ অফ লিভাৰ হয় তেতিয়া কিন্তু পৰিস্থিতি খুবেই কঠিন হৈ পৰে৷ কি কি লক্ষণ দেখিলে বুজিব যে আপোনাৰ লিভাৰ ছিৰোচিছ হৈছে?
ছাল হালধীয়া হৈ পৰা
হেপাটাইটিছৰ ৰোগী বা যিসকলে দীৰ্ঘ সময় ধৰি এলক’হল গ্ৰহণ কৰে তেওঁলোকৰ এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি৷ তেতিয়া লিভাৰৰ কাৰ্যকাৰিতা প্ৰায় নষ্ট হৈ পৰে৷ ছিৰোচিছৰ কোনো প্ৰতিকাৰ নাই কিন্তু প্ৰাথমিক স্তৰত ধৰা পৰিলে এই ৰোগ ৰখাই দিব পাৰি৷ জটিলতাও কম হয়৷
ছাল হালধীয়া হৈ যোৱাটো জণ্ডিছৰ লক্ষণ৷ বাৰে বাৰে জণ্ডিছ হোৱাত লিভাৰ বেয়াও হ’ব পাৰে৷ বিলিৰুবিনৰ উচ্চ মাত্ৰাৰ বাবে ছালে এই ৰং ধাৰণ কৰে৷ যেতিয়া লিভাৰ ক্ষতিগ্ৰস্থ হয়, তেতিয়াই শৰীৰত পিত্ত বাঢ়ি যোৱাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয়৷ তাৰ ফলত স্বাস্থ্যৰ বিভিন্ন সমস্যাই দেখা দিয়ে৷
বাৰে বাৰে ৰক্তপাত বা ক্ষত স্থান নুশুকোৱা
আমাৰ লিভাৰে ভিটামিন কেৰ সহায়ত এক প্ৰটিন তৈয়াৰ কৰে আৰু যিয়ে তেজ গোট মৰাৰ বাবে অপৰিহাৰ্য৷ লিভাৰৰ কাৰ্যকাৰিতা ব্যাহত হ’লে যি পৰ্যাপ্ত প্ৰটিন তৈয়াৰ কৰিব নোৱাৰে৷ সেয়ে ক্ষতস্থান নুশুকায়৷
ভৰি, আঁঠু আদি ফুলি যোৱা
এলবুমিন নামৰ প্ৰটিনৰ উৎপাদন কমি যোৱাৰ কাৰণে ভৰি আৰু হাত ফুলি যায়৷
ওজন হ্ৰাস
ডায়েট আৰু ব্যায়ামৰ ওপৰিও অপ্ৰত্যাশিত ওজন হ্ৰাস আৰু এক উদ্বেগৰ কাৰণ হ’ব পাৰে৷ এয়া লিভাৰ ছিৰোচিছৰ প্ৰাথমিক লক্ষণ আৰু ইয়াক উপেক্ষা কৰা উচিত নহয়৷ যদি আপোনাৰ স্বাস্থ্যৰ কোনো অৱনতি লক্ষ্য কৰে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ