• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

3 months ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

3 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

3 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

3 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

4 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

4 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

5 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

6 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

7 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

8 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

9 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

9 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

নিক কলিন্সৰ দাবীৰ মূল প্ৰমাণ কি

editor by editor
July 22, 2026
in বিবিধ, বিশ্ব, লেখা
0
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’
0
SHARES
37
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীৰ্ঘদিন ধৰি পশ্চিমীয়া ইতিহাসবিদসকলে এই মতবাদ আগবঢ়াই আহিছে যে সভ্যতাৰ আৰম্ভণি হৈছিল মেছোপটেমিয়াত, যাক বৰ্তমানৰ ইৰাক বুলি কোৱা হয়। দজলা আৰু ফৰাত নদীৰ মাজত গঢ় লৈ উঠা এই অঞ্চলকেই সভ্যতাৰ আৰম্ভণি বুলি ধৰা হৈছিল। কিন্তু সাম্প্ৰতিকভাৱে সামুদ্ৰিক ইতিহাসবিদ নিক কলিন্সে এই ধাৰণাক প্ৰত্যাহ্বান জনাই কৈছে যে সভ্যতাৰ আৰম্ভণি মেছোপটেমিয়াত নহয়, ভাৰতীয় উপমহাদেশত হৈছিল। তেওঁৰ এই দাবীয়ে ইতিহাসবিদসকলৰ মাজত নতুন বিতৰ্কৰ সূচনা কৰিছে।
কলিন্সে সামাজিক মাধ্যম Xত লিখিছে, “মেছোপটেমিয়া কেতিয়াও সভ্যতাৰ আৰম্ভণি নাছিল। সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত।” তেওঁ Substackত প্ৰকাশ কৰা এক বিস্তৃত লেখাত কৈছে যে ভাৰতৰ নগৰ-সভ্যতা, গণিত, উৎপাদন ব্যৱস্থা আৰু সামুদ্ৰিক বাণিজ্যিক নেটৱৰ্ক পশ্চিমীয়া ইতিহাসবিদসকলে স্বীকাৰ কৰাৰ বহু আগতেই যথেষ্ট উন্নত আছিল।

কলিন্সৰ দাবীৰ মূল প্ৰমাণ কি

কলিন্সৰ মতে, গুজৰাটৰ লোথালত অৱস্থিত ইটাৰে নিৰ্মিত বিশাল জলাশয় আচলতে এক উন্নত বন্দৰ আছিল, য’ত একেলগে বহু বাণিজ্যিক জাহাজ আহ-যাহ কৰিব পাৰিছিল। প্ৰথমতে কিছুমান গৱেষকে ইয়াক স্নানঘৰ বা পানী সঞ্চয়ৰ টেংক বুলি ধাৰণা কৰিছিল। তেওঁৰ মতে, এই ভুল ব্যাখ্যাই পশ্চিমীয়া ইতিহাসচৰ্চাত থকা পূৰ্বধাৰণাকেই প্ৰকাশ কৰে। কাৰণ, প্ৰাচীন ভাৰতত এনে উন্নত সামুদ্ৰিক বন্দৰ আছিল বুলি তেওঁলোকে সহজে মানি ল’ব নিবিছাৰিছিল। কলিন্সে লিখিছে, “ইউৰোপত লোথালৰ দৰে সুবিধাসম্পন্ন বন্দৰ ইয়াৰ ৪,০০০ বছৰ পিছতো নিৰ্মাণ কৰিব পৰা নাছিল।”

বিশ্বৰ আটাইতকৈ পুৰণি জনাজাত বন্দৰ

লোথালক বিশ্বৰ আটাইতকৈ পুৰণি জনাজাত বন্দৰসমূহৰ অন্যতম বুলি গণ্য কৰা হয়। এই বন্দৰটোৱে সাবৰমতী নদীৰ প্ৰাচীন প্ৰবাহৰ জৰিয়তে হৰপ্পাৰ নগৰ আৰু সৌৰাষ্ট্ৰ উপদ্বীপৰ মাজত বাণিজ্যিক সংযোগ স্থাপন কৰিছিল। এই স্থানৰ আৱিষ্কাৰ ১৯৫৪ চনত ভাৰতীয় প্ৰত্নতত্ত্ববিদ এছ আৰ ৰাৱে কৰিছিল। প্ৰাচীন কালত ইয়াৰ পৰা মণি-মুকুতা, অলংকাৰ আদি মেছোপটেমিয়া আৰু পশ্চিম এছিয়ালৈ ৰপ্তানি কৰা হৈছিল।
প্ৰমাণ অনুসৰণ কৰি ভাৰতীয় উপমহাদেশলৈ
আন্তঃৰাষ্ট্ৰীয় শ্বিপিং খণ্ডত প্ৰায় ৪০ বছৰ কাম কৰাৰ পাছত কলিন্সে প্ৰাচীন যুগৰ জাহাজ, সামগ্ৰী আৰু বাণিজ্যিক পথসমূহ অধ্যয়ন আৰম্ভ কৰে। তেওঁ লিখিছে, “মই কোনো পুৰণি বিশ্বাস ৰক্ষা কৰিবলৈ ওলোৱা নাছিলোঁ। মই কেৱল প্ৰমাণক অনুসৰণ কৰি আহিছিলো আৰু সকলো প্ৰমাণে মোক একেটা ঠাইলৈ লৈ গ’ল সেয়া হৈছে ভাৰতীয় উপমহাদেশ।”

সভ্যতাৰ আৰম্ভণি সন্দৰ্ভত প্ৰচলিত ধাৰণা

প্ৰচলিত ইতিহাস অনুসৰি সভ্যতাৰ আৰম্ভণি মেছোপটেমিয়াত হৈছিল, তাৰ পাছত ক্ৰমে মিচৰ, গ্ৰীচ আৰু ৰোমৰ নাম আহে। এই তালিকাত ভাৰতৰ উল্লেখ বহুত পিছত কৰা হয়। কলিন্সৰ মতে, ইউৰোপীয় প্ৰত্নতত্ত্ববিদসকলে প্ৰথমে মেছোপটেমিয়াত বিস্তৃত খননকাৰ্য চলোৱাৰ ফলতেই তাক সভ্যতাৰ আৰম্ভণি হিচাপে বিশ্বজুৰি স্বীকৃতি দিয়া হৈছিল। সেই অঞ্চলৰ শুকান জলবায়ুৱে মাটিৰ ফলক, ইটা আৰু হাড় সংৰক্ষণ কৰাত সহায় কৰিছিল। বাইবেল আৰু অন্যান্য প্ৰাচীন গ্ৰন্থইও গৱেষকসকলৰ মনোযোগ সেইফালে আকৰ্ষণ কৰিছিল। তদুপৰি অটোমান শাসকসকলেও ইউৰোপীয় গৱেষকসকলক খননৰ অনুমতি দিছিল।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24civilization
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 15, 2026
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি
অসম

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

October 14, 2026
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’
জীৱনশৈলী

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

October 14, 2026
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!
বিশ্ব

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

October 14, 2026
Next Post
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.