‘ভাৰতত নিতৌ ৯০ গৰাকী…, শক্তিশালী কৰক আইন” প্ৰধানমন্ত্ৰীলৈ বিশেষ চিঠি মমতা বেনাৰ্জীৰ
দেশত মহিলাৰ ওপৰত চলি থকা হিংসা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ লিখিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ এই পত্ৰৰ জৰিয়তে তেওঁ ধৰ্ষণৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ দাবী জনায়। এই সন্দৰ্ভত তথ্য প্ৰদান কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মুখ্য উপদেষ্টা আলাপন বন্দ্যোপাধ্যায়ে।
মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ পত্ৰত লিখিছে, “সমগ্ৰ দেশত ধৰ্ষণৰ গোচৰ ধাৰাবাহিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে আৰু উপলব্ধ তথ্য অনুসৰি বহু ক্ষেত্ৰত ধৰ্ষণৰ লগত হত্যাকাণ্ড সংঘটিত হয়। সমগ্ৰ দেশতে প্ৰতিদিনে প্ৰায় ৯০টা ধৰ্ষণৰ গোচৰ সংঘটিত হৈ আছে।” এই গোচৰবোৰে সমাজৰ আত্মবিশ্বাস আৰু বিবেকক জোকাৰি যায় আৰু ইয়াৰ অন্ত পেলোৱাটো আমাৰ সকলোৰে কৰ্তব্য যাতে মহিলাসকলে নিৰাপত্তা অনুভৱ কৰে।
তেওঁ লিখিছে, ‘এনে জঘন্য অপৰাধত জড়িত ব্যক্তিৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা থকা কঠোৰ কেন্দ্ৰীয় আইনৰ জৰিয়তে এনে এটা গুৰুতৰ আৰু স্পৰ্শকাতৰ বিষয়ক ব্যাপকভাৱে সমাধান কৰাটো প্ৰয়োজন। এনে গোচৰত ক্ষিপ্ৰ ন্যায় নিশ্চিত কৰিবলৈ ফাষ্ট ট্ৰেক স্থাপন কৰাটোও প্ৰস্তাৱিত আইনত বিবেচনা কৰা উচিত।
প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰত তিনিটা দাবী উত্থাপন কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। প্ৰথম দাবী- এনে জঘন্য আৰু নিষ্ঠুৰ অপৰাধ বন্ধ কৰিবলৈ কঠোৰ আইনৰ প্ৰয়োজন। দ্বিতীয় দাবী- ফাষ্ট ট্ৰেক আদালতে শীঘ্ৰে শুনানি গ্ৰহণ কৰক। তৃতীয় দাবী- ১৫ দিনৰ ভিতৰত ট্ৰায়েল সম্পূৰ্ণ কৰিব লাগিব।
কলকাতা ধৰ্ষণ আৰু হত্যাৰ গোচৰ সন্দৰ্ভত শুনানিৰ সময়ত বৃহস্পতিবাৰ ২২ আগষ্ট তাৰিখে উচ্চতম ন্যায়ালয়ে বংগ আৰক্ষীক ধমক দিয়ে। সমগ্ৰ দেশৰ চিকিৎসকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আদালতে গঠন কৰিছে ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ।
https://x.com/MamataOfficial/status/1826598302005317807
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ