নিৰ্যাতনৰ বিৰুদ্ধে কঠোৰ আইন বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ চিঠি লিখিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷ আৰ জি কৰ কাণ্ডৰ কেইবাটাও দিন পাৰ হ’ল যদিও আজিও ন্যায় পোৱা নাই নিৰ্যাতিতাৰ পৰিয়ালে৷ এই ঘটনাক কেন্দ্ৰ কৰিয়েই শুকুৰবাৰে মোদীলৈ দুই পৃষ্ঠাৰ চিঠি লিখিছে মুখ্যমন্ত্ৰী মমতাই৷ চিঠিত মমতাই লিখিছে, ‘অত্যন্ত স্পৰ্শকাতৰ বিষয়ক লৈ এই চিঠি লিখিছিলো৷ কিন্তু এই চিঠিৰ উত্তৰ মই নাপালো৷’ মোদীলৈ লিখা সেই চিঠিৰ প্ৰতিলিপি কেন্দ্ৰীয় মহিলা আৰু শিশুকল্যান মন্ত্ৰণালয়লৈকো পঠোৱা হৈছিল, তেওঁলোকৰ জৱাব আহিছে যদিও মোদীলৈ পঠিওৱা চিঠিখনৰহে কোনো জৱাব নাহিল৷
কিন্তু ধৰ্ষণৰ দৰে অপৰাধ ৰখাবলৈ সংসদত বিল পাছ কৰি দোষীৰ কঠোৰতম আৰু দৃষ্টান্তমূলক শাস্তিৰ প্ৰয়োজনীয়তাৰ কথা প্ৰথমে চিঠিত লিখিলেও নাৰী আৰু শিশুকল্যাণ মন্ত্ৰণালয়ৰ তৰফৰ পৰা পঠোৱা জৱাবি চিঠিত সেই বিষয়ে কোনো সুস্পষ্ট উত্তৰ লাভ নকৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ৷ তেওঁ কয়, ‘মই যিধৰণে অত্যন্ত প্ৰাসংগিক, সমাজ সম্পৰ্কিত বিষয় মূৰত ৰাখি চিঠিখন লিখিছিলো জৱাৱি চিঠিত উত্তৰ কিন্তু তেনে গুৰুত্ব দিয়া অনুভৱ নহ’ল৷’
প্রধানমন্ত্ৰীক পঠোৱা প্ৰথম চিঠিত ফাষ্ট ট্ৰেক কোৰ্টৰ মাধ্যমেৰে ১৫ দিনৰ মাজত যাতে ধৰ্ষণৰ গোচৰত দোষীৰ বিচাৰ প্ৰক্ৰিয়া শেষ কৰি শাস্তি নিশ্চিত কৰা যায় সেই বিষয়ে প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰীয়ে৷ তাৰ ওপৰিও ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ বিচাৰ পৰিকাঠামো নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ সম্পৰ্কে প্ৰথম চিঠিত যি বিষয়সমূহ জনোৱা হৈছিল নাৰী আৰু শিশুকল্যাণ মন্ত্ৰাণালয়ৰ প্ৰত্যুত্তৰত সেই প্ৰসংগত কোনো উল্লেখ নাই বুলি প্ৰধানমন্ত্ৰীলৈ লিখা দ্বিতীয় চিঠিত জনাইছে মুখ্যমন্ত্ৰীয়ে৷
উল্লেখ্য যে বিগত ৯ আগষ্টৰ পুৱা আৰ জি কৰ মেডিকেল কলেজৰ জৰুৰী বিভাগত চাৰিমহলাৰ ছেমিনাৰ হলৰ পৰা চিকিৎসকৰ দেহ উদ্ধাৰ কৰা হৈছিল৷ ধৰ্ষণ আৰু হত্যাৰ অভিযোগ উঠিছিল এই ঘটনাক লৈ৷ এই ঘটনাতেই এক ছিভিক ভলণ্টিয়াৰক গ্ৰেপ্তাৰ কৰিছিল কলকাতা আৰক্ষীয়ে৷ পাছত কলকাতা হাইকৰ্টৰ নিৰ্ঝেসত ঘটনাৰ তদন্ত নিজৰ হাতত লৈছিল ছিবিআইয়ে৷ ধৃতক নিজৰ হাতত লৈছিল ছিবিআইয়ে৷ কিন্তু চিবিআইৰ বিচাৰপ্ৰক্ৰিয়াক লৈ সুখী নহৈ আকৌ প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিছে মুখ্যমন্ত্ৰী মমতাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ