এগৰাকী দুগৰাকী নহয়, কেইবাগৰাকী ছাত্ৰীৰ সৈতে নিকৃষ্ট কাণ্ড কলেজ শিক্ষকৰ, ভিডিঅ’ ভাইৰেল হোৱাত পৰিল ধৰা
শিক্ষা বৃত্তিত নিয়োজিত এগৰাকী শিক্ষকৰ সন্মান কিমান সেয়া সকলোৱে জানে। শিক্ষক মানেই মূৰ দো খাই পৰা এক বৃত্তি। পাছে এই বৃত্তিকেই অপমানিত এগৰাকী শিক্ষকৰ। কলেজ শিক্ষক এগৰাকীৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে তোলপাৰ লাগি যায় সকলোফালে।
এগৰাকী দুগৰাকী নহয়, কেইবাগৰাকী ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতন ছাৰৰ। কিন্তু লাজে ভয়ে অপমানে কাৰোৰে আগত প্ৰকাশ নকৰা ছাত্ৰী সকলৰ কথা অৱশেষত পোহৰলৈ আহে। ছাৰৰ সেই গোপন অভিসাৰৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে সকলোৱে জানিব পাৰে ভদ্ৰতাৰ পাছত লুকাই থকা ছাৰৰ অভদ্ৰ মুখা।
এই ঘটনা উত্তৰ প্ৰদেশৰ হাথৰছৰ এখন ডিগ্ৰী কলেজৰ। কলেজ খনৰ চীফ প্ৰক্টৰ তথা ভূগোল বিভাগৰ প্ৰফেচৰ ৰজনীশ কুমাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ। পাছে ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে আৰক্ষীৰ হাতত ধৰা পৰাৰ ভয়ত পয়ালন ছাৰৰ।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ১০ মাহ পূৰ্বে আৰক্ষীৰ হাতত এখন নাম বিহীন চিঠি পৰিছিল এই ঘটনা সন্দৰ্ভত। কিন্তু তদন্ত কৰিয়ো কোনো সমাধান পোৱা নাছিল আৰক্ষীয়ে। অৱশেষত কিছু দিন পূৰ্বে পুনৰ নাম বিহীন এক চিঠি লগতে এক চিডি লাভ কৰে আৰক্ষীয়ে।
সেই চিডিয়েই আছিল প্ৰফেচৰ ৰজনীশ কুমাৰৰ কু-কাণ্ডৰ সকলো ভিডিঅ’। ৰজনীশৰ কেইবাটাও অশ্লীল ভিডিঅ’ দেখে আৰক্ষীয়ে। লগে লগে আৰক্ষীয়ে যৌন নিৰ্যাতনৰ গোচৰ ৰুজু কৰে।
কিন্তু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কলেজ মেনেজমেণ্টৰ সৈতে যোগাযোগ কৰাৰ পাছতে কলেজে বৈঠক আয়োজিত কৰি ৰজনীশ কুমাৰক বৰ্খাস্ত কৰে। আনহাতে আৰক্ষী আহি কলেজ পোৱাৰ পূৰ্বেই অভিযুক্ত ৰজনীশ কুমাৰ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে বৰ্তমানে সেই পাষণ্ড ৰজনীশ কুমাৰৰ সন্ধানত নামি পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ