অসম লাইভ২৪ঃ বিগত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ সময়ত একাধিকবাৰ ৰাহুল গান্ধীক বিভিন্ন মানুহৰ সৈতে দেখা গৈছে। বিভিন্ন স্থানত বিভিন্ন জনৰ সৈতে ৰাহুলে ভ্ৰমণ কৰাৰ ফটো ভিডিঅ’ দেখা গৈছে। কেতিয়াবা যদি কাৰোবাৰ বাহনত, কেতিয়াবা আকৌ কাৰোবাৰ সৈতে স্কুটিৰ পাছত বহি যাত্ৰা কৰা দেখা গৈছে ৰাহুল গান্ধীক। এইবাৰো পিছপৰি ৰোৱা নাই ৰাহুল। ৰাজস্থান বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত পুণ্যৰ্দম্যে কাম কৰিছে ৰাহুলে। দলৰ হৈ প্ৰচাৰ চলাবলৈ গৈ তেওঁ সাধাৰণ মানুহৰ মাজত সোমাই পৰিছে। এয়াই ৰাহুলৰ বিশেষত্ব।
কেতিয়াবা যদি প্ৰৱাসী ভাৰতীয়ৰ ট্ৰাকত বিদেশত ৰাহুল, কেতিয়াবা আকৌ লাডাখত নিজেই বাইক লৈ এগৰাকী ৰাইডাৰৰ ৰূপত ৰাহুল। এইবাৰ ৰাহুলক দেখা গৈছে এগৰাকী কলেজীয়া ছাত্ৰীৰ স্কুটিৰ পাছফালে বহি ঘূৰি ফুৰা অৱস্থাত। জয়পুৰত কলেজীয়া ছাত্ৰীৰ স্কুটিৰ পাছত বহি ঘূৰি ফুৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বগা কূৰ্তী পৰিহিতা তৰুণীৰ স্কুটিৰ পাছত ছিটত ৰাহুল গান্ধী। দুজনেই হেলমেট পৰিধান কৰিছে। ৰাহুলে আৰোহীৰ দৰেই ভদ্ৰভাৱে স্কুটিৰ পাছৰ চীটত বহি যাত্ৰা কৰিছে। তেওঁলোকৰ আগেপাছে কেইবাখনো বাহন। বেছিভাগেই স্কুটি আৰু বাইক। অৱশ্যে ৰাহুলৰ নিৰাপত্তাৰক্ষী আশেপাশে আছিল। জয়পুৰ কলেজৰ বহু ছাত্ৰ ছাত্ৰীয়েও ফুটপাথত ৰাহুলক চাবৰ বাবেই ৰৈ আছিল।
এক সূত্ৰৰ খবৰ অনুসৰি, ৰাহুলে যিগৰাকী তৰুণীৰ বাইকত যাত্ৰা কৰিছিল তেওঁৰ নাম মীমাংসা উপাধ্যায়। ৰাহুল গান্ধীয়ে ছচিয়েল মিডিয়া প্লেটফৰ্মত নিজেই ছাত্ৰীগৰাকীৰ নাম প্ৰকাশ কৰিছে। ৰাহুলে পোষ্টত লিখিছে, ‘মীমাংসা উপাধ্যায়ৰ দৰে নাৰীৰ হাতবোৰ শক্তিশালী কৰি তোলা উচিত। কাৰণ তেওঁলোকেই এই দেশৰ ভৱিষ্যত।’ ইফালে ৰাহুলৰ স্কুটিত যাত্ৰা কৰাৰ ভিডিঅ’টো কংগ্ৰেছৰৰ অফিচিয়েল পেজৰ পৰাও আপলোড কৰা হৈছে। ৰাজস্থান কংগ্ৰেছৰ অফিচিয়েস এক্স হেণ্ডেলতো সেই ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’ শ্বেয়াৰ কৰি কেপশ্ব্যনত লিখিছে, ‘ৰাজস্থানত জননায়ক।’
স্কুটিত যাত্ৰা কৰাৰ পূৰ্বে বহুসময় কলেজীয়া ছাত্ৰ ছাত্ৰীৰ সৈতে বাৰ্তালাপত মিলিত হৈছিল ৰাহুল গান্ধী। মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ মাজত স্কুটিও বিতৰণ কৰে ৰাহুলে। ইয়াৰ পূৰ্বে তেওঁ পুৱাই জয়পুৰ বিমানবন্দৰৰ পৰা ৰাহুলক আদৰি আনিছিল ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে। জয়পুৰ প্ৰদেশ কংগ্ৰেছৰ নতুন ভৱনৰ আধাৰশীলা স্থাপনতো ভাগ লয় ৰাহুল আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জূন খৰ্গে। তাতেই এখন দলীয় মিটিঙত প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণৰ লক্ষ্যও কৰি লৈছে ৰাহুলে। জাতিগত লোকপিয়লৰ প্ৰসংগ টানি আনি মোদীক সমালোচনা কৰিছে ৰাহুলে। ৰাহুলৰ অভিযোগ, ‘জাতিগত লোকপিয়ল কৰিবলৈ মোদীয়ে ভয় কৰিছে। ইয়াৰোপৰি লোকসভা আৰু বিধানসভাত মহিলাসকলৰ বাবে আসন সংৰক্ষণৰ বিষয়টো অতিশীঘ্ৰেই কাৰ্যকৰী কৰিব লাগে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ