কংগ্ৰেছ নেত্ৰীৰ অপমান সূচক মন্তব্য ৰোহিত শৰ্মাৰ ওপৰত, ‘কাহিনিও নাছিল ভাৰতৰ এনে আনফিট কেপ্টেইন’
দেওবাৰে ২ মাৰ্চ চেম্পিয়নছ ট্ৰফীত টিম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত গ্ৰুপ পৰ্যায়ৰ শেষৰখন খেল অনুষ্ঠিত হয়। এই খেলখনত টিম ইণ্ডিয়াই ৪৪ ৰাণত জয়লাভ কৰে, এই প্ৰতিযোগিতাত টিম ইণ্ডিয়াৰ একেৰাহে তৃতীয় জয়।
এফালে এই বিজয়ৰ পিছত সমগ্ৰ দেশে ভাৰতীয় দলৰ সকলো খেলুৱৈক প্ৰশংসা কৰি থকাৰ বিপৰীতে কংগ্ৰেছৰ মুখপাত্ৰ ডাঃ শ্বামা মহম্মদে ছ’চিয়েল মিডিয়াত টিম ইণ্ডিয়াৰ অধিনায়কৰ বিৰুদ্ধে পোষ্ট কৰিছিল।
য’ত শ্বামা মহম্মদে ৰোহিতক শকত বুলি অভিহিত কৰিছিল, লগতে ভাৰতৰ ইতিহাসৰ সবাতোকৈ আনফিট কেপ্টেইন বুলি অবিহিত কৰে। শ্বামা মহম্মদৰ এই পোষ্টটোৱে যথেষ্ট হুলস্থুলৰ সৃষ্টি কৰিছিল, পিছত কংগ্ৰেছৰ মুখপাত্ৰই তেওঁৰ পোষ্টটো ডিলিট কৰিবলৈ বাধ্য হয়। কিন্তু তেওঁৰ বিতৰ্কিত পোষ্টটোৰ স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।
ডাঃ শ্বামা মহম্মদে নিজৰ টুইটত লিখিছিল, ‘এজন খেলুৱৈ হিচাপে ৰোহিত শৰ্মা বৰ শকত। তেওঁৰ ওজন কমোৱাৰ প্ৰয়োজন আৰু তেওঁ টিম ইণ্ডিয়াৰ আটাইতকৈ আনফিট অধিনায়ক।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ