অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি মন্দিৰৰ প্ৰাংগনত এগৰাকী মুছলমান যুৱকে নামাজ পঢ়াক লৈ আৰম্ভ হৈছে বিতৰ্ক। আনকি এই ঘটনাক লৈ মুখ খুলিছে ভাৰতীয় জনতা পাৰ্টিৰ কেইবাগৰাকী নেতাইয়ো। এই ঘটনা বিগত বৃহস্পতিবাৰৰ। সেই ভিডিঅ ছচিয়েল মিডিয়াত ভাইৰেলো হৈছে। তিৰুপতিৰ দৰে মন্দিৰত নামাজ পঢ়াৰ দৰে ঘটনাৰ ছবিক লৈ বাঢ়িছে উত্তেজনা। ডেকান হেৰাল্ডৰ এক প্ৰতিবেদন অনুসৰি, সেই ব্যক্তিয়ে তিৰুমালা কল্যাণ মণ্ডপমৰ প্ৰাংগনত পুৰোহিত সংঘম এলেকাত নামাজ পঢ়িছিল।
ভিডিঅত সেই ব্যক্তিক এটা ফেজ টুপি পিন্ধি মাটিত নমাজ পাঠ কৰা দেখা গৈছে। ভিডিঅটো ভাইৰেল হোৱাৰ পাছতেই তৎপৰ হৈছে মন্দিৰ কৰ্তৃপক্ষ। ধৰ্মীয় স্থানত বহি কেনেকৈ সেই ব্যক্তিয়ে নমাজ আদায় কৰিছে তাক লৈ আৰম্ভ হৈছে তদন্তও। সূত্ৰৰ খবৰ অনুসৰি ব্যক্তিগৰাকী পেছাত বাহন চালক। তেওঁ হিন্দু তীৰ্থযাত্ৰীসকলৰ এটা দলৰ সৈতে তিৰুমালাৰ তিৰুপতিলৈ গৈছিল। তীৰ্থযাত্ৰীক বাহনৰ পৰা নমোৱাৰ পাছতেই মন্দিৰৰ প্ৰাংগনতেই তেওঁ নামাজ পঢ়ে। প্ৰায় ১০ মিনিট সময় তেওঁ নমাজ আদায় কৰে। একাংশ ৰিপৰ্টৰ মতে তেওঁ স্থানীয় ব্যক্তিৰ অনুমতি লৈহে তাত নমাজ আদায় কৰিছিল।
https://x.com/TeluguScribe/status/1925772871193817089
জনা গৈছে যিজন ব্যক্তিয়ে তেওঁক নমাজ আদায় কৰাৰ অনুমতি দিছিল সেই ব্যক্তিয়েই সমগ্ৰ ঘটনা মোবাইলত ৰেকৰ্ড কৰিছে। ঘটনাক কেন্দ্ৰ কৰি ৰাজনৈতিক প্ৰতিক্ৰিয়াও পোৱা গৈছে। ঘটনাক নিন্দা কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। মন্দিৰৰ প্ৰাংগনৰ পবিত্ৰতা ৰক্ষাৰ দাবীতেই সৰব হৈছে সকলো। ঘটনাৰ তদন্ত ইতিমধ্যেই আৰম্ভ কৰিছে আৰক্ষীয়ে।
অভিযুক্ত যুৱকৰ পৰিচয় চিনাক্ত কৰাৰ কামো চলিছে বুলি জনাইছে তদন্তকাৰী কমিটিয়ে। এই ঘটনাৰ পাছতেই মন্দিৰ সংলগ্ন এলেকাত ধৰ্মীয় সংবেদনশীলতা আৰু নিৰাপত্তা ব্যৱস্থাক লৈ বহুতে প্ৰশ্ন তুলিছে। তিৰুপতিৰ দৰে স্পৰ্শকাতৰ স্থানতো কোনো অনুমতি অবিহনে কেনেকৈ এই ঘটনা ঘটিল তাক লৈয়ো প্ৰশ্ন উঠিছে। মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ কৰা অৱশ্যে এতিয়ালৈ কোন চৰকাৰী বিবৃতি দিয়া হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















