• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘পেড্ডী’ত জাহ্নৱী কাপুৰে ৰূপায়ণ কৰা চৰিত্ৰটোক লৈ বিতৰ্ক!

‘পেড্ডী’ত জাহ্নৱী কাপুৰে ৰূপায়ণ কৰা চৰিত্ৰটোক লৈ বিতৰ্ক!

3 months ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

42 minutes ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

12 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

12 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

12 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

12 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

13 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

13 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

16 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

17 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

18 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

19 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘পেড্ডী’ত জাহ্নৱী কাপুৰে ৰূপায়ণ কৰা চৰিত্ৰটোক লৈ বিতৰ্ক!

সামাজিক মাধ্যমত 'পেড্ডী'ৰ পৰিচালকক তীব্ৰ সমালোচনা

editor by editor
June 12, 2026
in চিনেমা, বিনোদন, বিবিধ, ভাৰত, লেখা
0
‘পেড্ডী’ত জাহ্নৱী কাপুৰে ৰূপায়ণ কৰা চৰিত্ৰটোক লৈ বিতৰ্ক!
0
SHARES
147
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দক্ষিণাত্যৰ ‘পেড্ডী’ত আচিয়াম্মা নামৰ চৰিত্ৰটোত অভিনয় কৰিছে শ্ৰীদেৱী তনয়া জাহ্নৱী কাপুৰে। জাহ্নৱী কাপুৰৰ চৰিত্ৰটো সন্দৰ্ভত সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে ‘পেড্ডী’। সমালোচনাৰ মূল কাৰণ হৈছে, ছবিখনত জাহ্নৱী কাপুৰৰ শৰীৰ প্ৰদৰ্শন। সমাজিক মাধ্যমত ছবিখনৰ পৰিচালকক সমালোচনা কৰি বহুতেই মন্তব্য কৰিছে যে জাহ্নৱী কাপুৰৰ অভিনয়তকৈ তেওঁৰ শৰীৰটোকহে ছবিখনত অধিক প্ৰদৰ্শন কৰা হৈছে। চলচ্চিত্ৰ সমালোচক মহৰ্ষিয়ে এই সন্দৰ্ভত কয় যে- ছবিখনৰ ট্ৰেইলাৰত জাহ্নৱীক দেখি আমি আশা কৰিছিলোঁ যে তেওঁ সামান্থাৰ দৰে এক শক্তিশালী চৰিত্ৰত অভিনয় কৰিব। তেওঁ লগতে কয়- ছবিখনৰ প্ৰথমাৰ্ধত জাহ্নৱীয়ে অতি কম সময়ৰ বাবেহে স্ক্ৰীনত দেখা দিয়ে। জাহ্নৱীৰ চৰিত্ৰটোৱে ছবিখনৰ কাহিনীত বিশেষ প্ৰভাৱ পেলোৱা দেখা নগ’ল। জাহ্নৱীৰ চৰিত্ৰটো নহলেও ছবিখনৰ কাহিনীত একো ক্ষতি নহ’ল বুলি চলচ্চিত্ৰ সমালোচকজনে মন্তব্য কৰে। ছবিখনত জাহ্নৱী কাপুৰক কেৱল সৌন্দৰ্য প্ৰদৰ্শন কৰাৰ উদ্দেশ্যেৰেহে লোৱা যেন অনুভৱ হৈছে বুলি মন্তব্য কৰে সমালোচকজনে। ছবিখনৰ শেষৰ ফালে দুই এটা দৃশ্যতহে তেওঁক শাৰী পিন্ধা অৱস্থাত দেখুওৱা হৈছে বুলিও তীব্ৰ সমালোচনা কৰে মহৰ্ষিয়ে। ‘ৱৰানিকি ভেইয়ি’ গীতটোত নায়কজনৰ সৈতে নৃত্য কৰা শ্ৰুতি হাছানক দেখি ঈৰ্ষান্বিত হৈ তেওঁ প্ৰতিযোগিতাৰ মানসেৰে নিজৰ ওৰণিখন মঞ্চত পেলাই দিয়া কাৰ্যও দৃষ্টিকটু হৈছে বুলি মন্তব্য কৰে।

সামাজিক মাধ্যমত ‘পেড্ডী’ৰ পৰিচালকক তীব্ৰ সমালোচনা

ইপিনে সামজিক মাধ্যমত ছবিখনৰ সমালোচনা কৰি একাংশই লিখিছে যে-‘যদি আপুনি কাৰোবাৰ চকু আৰু ওঁঠৰ সৌন্দৰ্যৰ প্ৰশংসা কৰিছে, তেন্তে তেওঁৰ কঁকাল দেখুওৱাৰ প্ৰয়োজন কি?’ এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘এটা দৃশ্যত ৰাম চৰণে জাহ্নৱী কাপুৰৰ প্ৰশংসা কৰিছে। দৃশ্যটোত যেতিয়া জাহ্নৱীৰ চকু থৰ হৈ যায়, তেতিয়াও কেমেৰাই বুকুৰ অংশ দেখুৱায়। যেতিয়া তেওঁ ওঁঠৰ বৰ্ণনা কৰে, তেতিয়া কঁকালৰ অংশ দেখুওৱা হয়। দৃশ্যটো সম্পাদনা কৰা সম্পাদকজনে, কেমেৰামেনজনে আৰু পৰিচালকজনে সঁচাকৈয়ে নাজানে নেকি কোনো এগৰাকী মহিলাৰ চকু আৰু ওঁঠ ক’ত থাকে?’ সূত্ৰ অনুসৰি, জাহ্নৱী কাপুৰ নিজেও এই চৰিত্ৰটোক লৈ সন্তুষ্ট নাছিল। এক প্ৰতিবেদন অনুসৰি, জাহ্নৱী কাপুৰে নিজৰ ইনষ্টাগ্ৰামৰ জৰিয়তে ‘পেড্ডী’ক লৈ লিখা ‘ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসত এগৰাকী নায়িকাৰ ওপৰত সংঘটিত এক নিৰ্মম অপমান’ শীৰ্ষক এটা সমালোচনামূলক লেখাক সমৰ্থন কৰিছিল। সামাজিক মাধ্যমত জাহ্নৱীৰ অভিনয়ৰ সমৰ্থন আৰু বিৰোধিতা দুয়ো দিশতে তৰ্ক-বিতৰ্ক আৰম্ভ হোৱাৰ পিছতে তেওঁ সেই পোষ্টটোৰ পৰা নিজৰ ‘সমৰ্থন’ আঁতৰাই দিয়ে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?
জীৱনশৈলী

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

September 10, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

September 9, 2026
Next Post
কেনে আছে আহমেদাবাদৰ বিমান দুৰ্ঘটনাত জীয়াই থকা একমাত্ৰ ব্যক্তি বিশ্বাস কুমাৰ?

কেনে আছে আহমেদাবাদৰ বিমান দুৰ্ঘটনাত জীয়াই থকা একমাত্ৰ ব্যক্তি বিশ্বাস কুমাৰ?

এইসকলে এতিয়াৰে পৰা সাধাৰণ পেট্ৰল পাম্পৰ পৰা ক্ৰয় কৰিব নোৱাৰিব ইন্ধন

এইসকলে এতিয়াৰে পৰা সাধাৰণ পেট্ৰল পাম্পৰ পৰা ক্ৰয় কৰিব নোৱাৰিব ইন্ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.