অসম লাইভ ২৪ঃ জলবায়ু পৰিৱৰ্তন তথা গোলকীয় উত্তাপ বৃদ্ধি সাম্প্ৰতিক সময়ৰ এক গুৰুতৰ সমস্যা৷ এইক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে যদিও আশাব্যঞ্জক ফল লাভ কৰা নাই বিশ্বই৷ গোলকীয় উত্তাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো বিশ্বৰ উন্নত দেশসমূহে ইতিমধ্যে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে৷ শেহতীয়াকৈ ব্ৰিটেইনৰ গ্লাচগ’ত সামৰণি পৰা COP26 সন্মিলনত গোলকীয় উত্তাপ নিয়ন্ত্ৰৰ বাবে পুনৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰে৷ বিশ্বৰ ২০০খন দেশে অংশগ্ৰহণ কৰা এই সন্মিলনত ১.৫ ডিগ্ৰী পৰ্যন্ত গোলকীয় উত্তাপ নিয়ন্ত্ৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে দেশসমূহে৷ কিন্তু এই সিদ্ধান্তক মহত্বপূৰ্ণ সিদ্ধান্ত যদিও পৰ্যাপ্ত নহয় বুলি উল্লেখ কৰে সংযুক্ত ৰাষ্ট্ৰ মহাসচিব এণ্ট’নিঅ’ গ্যোটেৰেচে ৷ তেওঁৰ মতে, সম্প্ৰতি বিশ্ব ‘emergency mode’ত অহাটো অতি জৰুৰী, যাৰ বাবে জীৱাষ্ম ইন্ধনৰ ওপৰত সাহায্য বন্ধ কৰা, কয়লাপ প্ৰয়োগ পৰ্যায়ক্ৰমে বন্ধ কৰা, কাৰ্বনৰ মূল্য নিৰ্ধাৰণ কৰা, দুৰ্ভল প্ৰজাতিক ৰক্ষণা-বেক্ষণ দিয়া আদি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা উচিত৷ এয়া আমাৰ জীৱন বচোৱাৰ যুদ্ধ আৰু এই যুদ্ধ আমি জয় কৰিবই লাগিব ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ