অসম লাইভ ২৪ঃ ভাৰতত অব্যাহত আছে ক’ৰোনাৰ ধ্বংসযজ্ঞ। প্ৰতিদিনে অভাৱনীয় হাৰত বৃদ্ধি পাইছে সংক্ৰমণৰ ঘটনা। বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ আক্ৰান্ত হৈছে ২,৩৪,৬৯২ গৰাকী লোক। এদিনত মৃত্যু ১৩৪১গৰাকী ক’ৰোনা আক্ৰান্তৰ। সম্প্ৰতি দেশত সুস্থ হৈছে ১,২৩,৩৫৪ গৰাকী ক’ৰোনা ৰোগী। ভাৰতত ক’ৰোনাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াভাৱে কেন্দ্ৰ তথা প্ৰশাসনে জাৰি কৰিছে বিভিন্ন নীতি-নিৰ্দেশনা। তাজমহলৰ পৰা তলাতল ঘৰলৈকে সকলো কীৰ্তিচিহ্ন পৰ্যটকৰ বাবে পুনৰ বন্ধ কৰিছে প্ৰশাসনে। সৰ্বাধিক কোভিড সংক্ৰমিত হৈছে মহাৰাষ্ট্ৰ, কেৰালা, কৰ্ণাটক আৰু পঞ্জাৱত। মহাৰাষ্ট্ৰত ক্ৰমান্বয়ে অধিক শোচনীয় হৈছে পৰিছে কোভিড পৰিস্থিতি। ভাৰতত বিভিন্ন গুৰুত্বপূৰ্ণ পৰীক্ষাসমূহ বাতিল তথা স্থগিত ৰখা হৈছে কোভিড পৰিস্থিতিৰ বাবে। মহাৰাষ্ট্ৰত মৃতকক সৎকাৰৰ বাবে শ্মশানত ঠাইৰ অভাৱ হৈছে, অহৰ্নিশে জ্বলাবলগীয়া হৈছে মৃতদেহ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ