অসম লাইভ ২৪ঃ অন্ত পৰিল সকলে জল্পনা-কল্পনা। ক’ৰোনা ভেকচিনক লৈ দীৰ্ঘদিন ধৰি চলি থকা সকলো প্ৰতীক্ষা অন্ত পেলাই দেওবাৰে আহিল সেই ভাল খবৰটো। অৱশেষত ক’ৰোনা ভেকচিনৰ অনুমতি লাভ কৰিলে দেশবাসীয়ে। আজিৰে পৰা ভাৰতত ক’ৰোনা ভেকচিন প্ৰদানক অনুমতি প্ৰদান কৰিলে dcgiয়ে। covaxin আৰু covishield ভেকচিনক সীমিত ৰূপত ব্যৱহাৰৰ অনুমতিৰ কথা dcgiৰ প্ৰধান বি জি সোমানিয়ে দেওবাৰে এক সংবাদমেল যোগে জানিবলৈ দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ