অসম লাইভ ২৪ঃ ক’ৰোনা প্ৰতিষেধকৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাইছে ভাৰত। নাকত দিব পৰা প্ৰতিষেধক উদ্ভাৱনৰ দিশে আগবাঢ়িছে ভাৰতবৰ্ষ। এই ভেকচিন উদ্ভাৱন হ’লে বেজীৰ প্ৰতিষেধক দিয়াৰ প্ৰয়োজন নাথাকিব। ভাৰত বায়’টেকে দেশত শীঘ্ৰে নেজল ভেকচিনৰ পৰীক্ষণ সম্পন্ন কৰিব। নাগপুৰত নেজল কভাক্সিন নামৰ প্ৰতিষেধকৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েল সম্পন্ন হ’ব। ৱাশ্বিংটন ইউনিভাৰৰ্ছিটীৰ সহযোগত নেজল ভেকচিনৰ পৰীক্ষণৰ বাবে আগবাঢ়িছে। ভাৰত বায়’টেকে এই প্ৰতিষেধকৰ পৰীক্ষণৰ বাবে শীঘ্ৰে DCGIৰ অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














