• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

6 months ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

1 hour ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

15 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

15 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

16 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

17 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

17 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

18 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

18 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

19 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

21 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

21 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

editor by editor
April 10, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে
0
SHARES
234
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জন্ম নিয়ন্ত্ৰণৰ বাবে ঔষধ বা ইঞ্জেকছন কেৱল মহিলাৰ বাবেই আছে৷ পুৰুষৰ বাবে কণ্ডম বা অস্ত্ৰোপচাৰৰ বাহিৰে আন কোনো জন্ম নিয়ন্ত্ৰণৰ উপায় এতিয়াও আৱিষ্কৃত হোৱা নাই৷ এইবাৰ সেই ধাৰাৰ সলনি হব৷ পুৰুষৰ বাবেও গৰ্ভনিৰোধক তৈয়াৰ কৰিছে বিজ্ঞানীয়ে৷ এতিয়া কেৱল প্ৰয়োগৰহে অপেক্ষা৷

পুৰুষৰ বাবেও সাময়িক কোনো গৰ্ভনিৰোধক আৱিষ্কাৰৰ চেষ্টা এই প্ৰথম নহয়৷ দীৰ্ঘদিন ধৰি এই বিষয়ক লৈ আলোচনা পৰীক্ষানিৰীক্ষা চলিছে৷ কিন্তু অধিকাংশ ক্ষেত্ৰতেই পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সম্ভাৱনা, পৌৰুষত্বত স্থায়ী ক্ষতিৰ সম্ভাৱনা থাকি যায়৷ সেয়ে এই ধৰণৰ উপায় পোৱা গলে সেয়া কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰা হোৱা নাই৷ নিউয়ৰ্কৰ কৰ্নেল বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে সেই অংকৰ জঁটেই খুলিব পাৰিছে৷ জনাইছে যে পুৰুষৰ বাবে এক নিৰাপদ, সাময়িক, হৰমনবিহীন আৰু ১০০ শতাংশ কাৰ্যকৰী জন্ম নিয়ন্ত্ৰণৰ প্ৰক্ৰিয়া আৱিষ্কাৰ কৰা হৈছে৷ ইয়াত কোনো অস্ত্ৰোপচাৰৰ প্ৰয়োজন নহয়৷ কিংবা সন্তান উৎপাদনৰ ক্ষমতাৰ স্থানীয় কোনো ক্ষতিও নহয়৷ দীৰ্ঘ ছবছৰ ধৰি এন্দুৰৰ ওপৰত এই প্ৰক্ৰিয়া চলাই চাইছে বিজ্ঞানীয়ে৷ তাৰপিছতেই আহিছে সাফল্য৷

পুৰুষদেহত জননকোষ বা শুক্ৰাণু উৎপাদন হয় মায়োচিছ প্ৰক্ৰিয়াৰ মাধ্যমেৰে৷ এই প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ ধাপত বাধা দিলে শুক্ৰাণুৰ উৎপাদন সাময়িকভাৱে ব্যাহত হয়৷ পৃথককৈ পুৰুষদেহত তাৰ বাবে কোনো ক্ষতিও নহয়৷ কৰ্নেল বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে তেওঁলোকৰ গৱেষণাৰ ফল প্ৰকাশ কৰিছে৷ প্ৰছিডিংছ অফ দ্যা নেশ্ব্যনেল একাডেমি অফ চায়েন্স পত্ৰিকাত৷ তাতেই কোৱা হৈছে, মায়োচিছত বাধা দিবলৈ পৰীক্ষাগাৰত ব্যৱহাৰ কৰা হৈছিল জেকিউ১ নামৰ এক যৌগ৷ মূলত কেন্সাৰ আৰু প্ৰদাহজনিত ৰোগৰ গৱেষণাত এই যৌগ কাম লগাই অহা হৈছিল৷ কিন্তু বিজ্ঞানীয়ে পৰীক্ষাৰ অন্তত জানিব পাৰিছে যে এই যৌগ মায়োচিছৰ প্ৰফেজ১ নামৰ পৰ্যায়ক হস্তক্ষেপ কৰিব পাৰে৷ তাত সাময়িকভাৱে বন্ধ হব পাৰে শুক্ৰাণুৰ উৎপাদন৷

কৰ্নেল ৰিপ্ৰডাক্টিভ চায়েন্স চেন্টাৰৰ পৰিচালক তথা জিনবিদ্যাৰ অধ্যাপক পলা কোহেনে কয়, ‘অণ্ডকোষত গৰ্ভনিৰোধক স্থাপন যে শুক্ৰাণু উৎপাদন ৰোধৰ এক কাৰ্যকৰী উপায় হব পাৰে সেয়া আমি প্ৰথম দেখিছো৷ ইয়াত কোনো স্থায়ী ক্ষতিৰ সম্ভাৱনা নাই৷ গৱেষণাত দেখা গৈছে বেছিভাগ ক্ষেত্ৰতেই প্ৰয়োজনত স্বাভাৱিক মায়োচিছ প্ৰক্ৰিয়া আৰু শুক্ৰাণুৰ সম্পূৰ্ণ কাৰ্যকাৰিতা উভতাই পোৱা সম্ভৱ৷ এই প্ৰক্ৰিয়াত গৰ্ভনিৰোধক ব্যৱহাৰ কৰাৰ পাছতো কোনো পুৰুষে বিচাৰিলে সফলভাৱে সন্তান উৎপাদন কৰিব পাৰিব৷ সন্তানৰ স্বাস্থ্যও সম্পূৰ্ণ স্বাভাৱিক থাকিব৷

পুৰুষৰ জন্মনিয়ন্ত্ৰণৰ উপায় এতিয়া কণ্ডমৰ ওপৰিও আছে ভেছকটমি৷ কিন্তু এই প্ৰক্ৰিয়াত অস্ত্ৰোপচাৰ কৰিব লাগে৷ হৰমনভিত্তিক কোনো পদ্ধতি আৱিষ্কাৰতো বাধা আছে৷ কণ্ডমো গৰ্ভনিৰোধক হিচাপে ১০০ শতাংশ নিৰাপদ নহয়৷ ফলত পুৰুষৰ হৰমনবিহীন সাময়িক কোনো গৰ্ভনিৰোধক আৱিষ্কাৰৰ প্ৰয়োজনীয়তা আছিল৷ সেই ঔষধ এতিয়া বজাৰলৈ অহা বুলিও জনাইছে কৰ্নেল বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে৷ তেওঁলোকে জনাইছে যে পুৰুষদেহত শুক্ৰাণু বিকাশৰ অন্য বহু পৰ্যায় আছে৷ তৎসত্ত্বেও গৰ্ভনিৰোধকৰ বাবে মায়োচিছক বাচি লোৱা হৈছে৷ কাৰণ ইয়াত শুক্ৰাণু উৎপাদন সম্পূৰ্ণ বন্ধ হোৱাৰ ওপৰিও পৰবৰ্তী সময়ত আকৌ স্বাভাৱিক পৰ্যায়লৈ লৈ অনা সম্ভৱ হব৷ সামগ্ৰিক প্ৰজনন স্বাস্থ্যও ইয়াৰ ফলত সুৰক্ষিত থাকিব৷

গৱেষণাগাৰত পুৰুষ এন্দুৰৰ ওপৰত জেকিউ১ যৌগটো তিনি সপ্তাহ ধৰি প্ৰয়োগ কৰা হৈছিল৷ সেই সময়ত শুক্ৰাণু উৎপাদন সম্পূৰ্ণ বন্ধ হৈ গৈছিল৷ মায়োচিছৰ প্ৰধান বৈশিষ্ট্যসমূহো ব্যাহত হৈছিল৷ প্ৰক্ৰিয়া বন্ধ কৰিলে পৰবৰ্তী ছসপ্তাহৰ ভিতৰত এন্দুৰসমূহে আকৌ স্বাভাৱিক শুক্ৰাণু উৎপাদন কৰিবলৈ সক্ষম হয়৷ এই এন্দুৰসমূহক প্ৰজননতো ব্যৱহাৰ কৰা হৈছিল৷ দেখা গৈছে এন্দুৰৰ বংশবৃদ্ধিৰ ক্ষমতাত কোনো প্রভাৱ পৰা নাই৷ এই এন্দুৰ আৰু মানুহৰৰ শৰীৰৰ গৰ্ভনিৰোধক প্ৰয়োগত কিছু বিভেদ আছে৷ তেওঁলোকৰ মতে মানুহৰ ক্ষেত্ৰত এই গৰ্ভনিৰোধক প্ৰতি তিনিমাহ অন্তৰে অন্তৰে ইঞ্জেকছনৰ মাধ্যমেৰে প্ৰয়োগ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

October 4, 2026
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
Next Post
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.