অসম লাইভ ২৪, নিউজ ডেস্কঃ অধিক ভয়াৱহ দিনৰ সন্মুখীন হ’ব পাৰে মানৱ জাতি ৷ সভ্যতাৰ প্ৰতি শংকা সৃষ্টি কৰা ক’ৰোনা ভাইৰাছ বিয়পিব পাৰে বতাহতো৷ বিশ্বৰ ৩২খন দেশৰ ২৩৯গৰাকী বিজ্ঞানীয়ে কৰা গৱেষণাত কেইদিনমান পূৰ্বে পোহৰলৈ আহিছিল এই ভয়াৱহ তথ্য৷ অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰথমে স্বীকাৰ কৰা নাছিল বিজ্ঞানীসকলৰ এই তথ্য৷ কিন্তু, শেহতীয়াকৈ WHO-এ বিজ্ঞানীসকলৰ দাবী মানি লৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাই বতাহৰ জৰিয়তে ক’ৰোনা ভাইৰাছ বিয়পে বুলি স্বীকাৰ কৰি লোৱাৰ সমান্তৰালকৈ ইয়াৰ পৰা যত দূৰ সম্ভৱ মুক্ত হৈ থাকিবলৈ ক’ৰোনা সংক্ৰমণ প্ৰতিৰোধ সন্দৰ্ভত নতুন নীতি-নিৰ্দেশনা জাৰি কৰাৰ প্ৰস্তুতি চলাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ