৬ বছৰৰ পাছত ন্যায় পালে চন্দনে, ২৪গৰাকীক দোষী সাব্যস্ত লগেত জৰিমনা
অৱশেষত ন্যায় পালে কাছগঞ্জৰ চন্দন গুপ্তাই। ৬ বছৰ ১১ মাহ ৭ দিনৰ অন্তত ন্যায় লাভ কৰিলে চন্দৰে। ২৪ গৰাকী লোকক দোষী সাব্যস্ত কৰাৰ লগতে জৰিমনা। নিয়া আদালতে প্ৰদান কৰে এই ন্যায়।
২০১৮ চনৰ ২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ দিনা উত্তৰ প্ৰদেশৰ কাছগঞ্জত ত্ৰিৰংগা যাত্ৰাৰ সময়ত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈ প্ৰাণ হেৰুৱাইছিল চন্দন নামৰ এগৰাকী যুৱকে। সেই ঘটনাৰ পাছতে পিতৃ ন্যায়ৰ বাবে কাষ চাপিছিল আৰক্ষীৰ।
আৰক্ষীৰ ওচৰত কেইবাগৰাকী লোকৰ বিৰুদ্ধে গোচৰো চৰিছিল। সেই ঘটনাৰেই অৱশেষত ন্যায় আহে। নিয়া আদালতে আজি ৩ জানুৱাৰী ২০২৫ তাৰিখে চন্দনৰ পক্ষত ন্যায় প্ৰদান কৰে।
২৪ গৰাকী লোকক যাৱজ্জীৱন কাৰাবাসৰ শাস্তিৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনাও বিহে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















