অসম লাইভ ২৪ঃ কোভিডৰ বিৰুদ্ধে সমগ্ৰ বিশ্বত বৃহৎ টীকাকৰণ অভিযান চলি থকাৰ সময়তে আহিছে আন এক সকাহৰ খবৰ। শীঘ্ৰেই অধিক শক্তিশালীৰূপত উপলব্ধ হ’ব কোভাক্সিনৰ বুষ্টাৰ ড’জ। কোভিডৰ বিভিন্ন ভেৰিয়েণ্টৰ বিৰুদ্ধে কাৰ্যকৰী হ’ব কোভাক্সিনৰ এই বুষ্টাৰ ড’জ। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ(ICMR) আৰু ৰাষ্ট্ৰীয় ভাইৰ’লজি প্ৰতিষ্ঠান(NIV)ৰ বিজ্ঞানীসকলে সদৰী কৰিছে এই কথা। কোভাক্সিনৰ বুষ্টাৰ ড’জ প্ৰয়োগ কৰি ক’ৰোনা ভাইৰাছৰ পৰিৱৰ্তনশীল প্ৰজাতিসমূহ অতিক্ৰম কৰিব পৰা যাব বুলি দাবী কৰিছে NIVৰ বিজ্ঞানীসকলে। ইতিমধ্যে বিভিন্ন দেশত কোভিডৰ বিৰুদ্ধে কোভাক্সিনৰ বুষ্টাৰ ড’জৰ গৱেষণা চলি আছে। ভাৰততো বুষ্টাৰ ড’জৰ গৱেষণা বিষয়ে বিবেচনা কৰা হৈছে। গৱেষণা অনুসৰি ভেকচিনৰ দুয়োটা পালি গ্ৰহণ কৰাৰ পাছত বুষ্টাৰ ড’জ প্ৰয়োগ কৰিব লাগিব। এই বুষ্টাৰ ড’জ ব্যক্তিক এবছৰ বা দুবছৰৰ নিয়মীয়া ব্যৱধানত প্ৰয়োগ কৰিব লাগিব বুলিও সম্ভাৱনা ব্যক্ত কৰিছে NIVৰ বিজ্ঞানী প্ৰিয়া আব্ৰাহমে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ