অসম লাইভ ২৪ঃ ৰাজ্যত পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা। এদিনতে ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈছে ১৯৫গৰাকী ব্যক্তি। দিনটোৰ ভিতৰত মহানগৰীতেই সৰ্বাধিক ১০৬ ৰ দেহত ধৰা পৰিছে ক’ৰোনা ভাইৰাছ। বৰ্তমানলৈকে মুঠ নতুন আক্ৰান্তৰ সংখ্যা হৈছে ৮৪৭জন। অসমত বৰ্তমান কোভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ২,১৯,০২৭জনলৈ। ৰাজ্যৰ ৰে’ল ষ্টেচন, বিমানবন্দৰ সমূহত স্ক্ৰীনিঙৰ ব্যৱস্থা অব্যাহত ৰাখিছে প্ৰশাসনে। ৰাজ্যৰ কেইবাখনো জিলাত ভয়াৱহ হাৰত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ৰাজ্যৰ আন আন জিলাসমূহৰ লগতে সৰ্বাধিক যোৰহাটত ৪গৰাকী, ডিব্ৰুগড়ত ১৯গৰাকী, তিনিচুকীয়াত ১২গৰাকী আক্ৰান্ত হৈছে ক’ৰোনাত।
ইয়াৰ বিপৰীতে, আন আন ৰাজ্যসমূহতো কোভিড আক্ৰান্তৰ সংখ্যা ভয়াৱহ হাৰত বৃদ্ধি পাইছে। বিগত ২৪ ঘণ্টাত সমগ্ৰ দেশত কোভিডত আক্ৰান্ত হৈছে ১,২৬,৩১৫গৰাকী ব্যক্তি। ইয়াৰে সৰ্বাধিক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত ৩,১৭৩,২৬১গৰাকী। দেশৰ ১৫খনকৈ ৰাজ্যত মিনি লকডাউন ঘোষণা কৰাৰ লগতে কেইবাখনো ৰাজ্যত সান্ধ্য আইন জাৰি কৰিছে প্ৰশাসনে।
শেহতীয়া কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি মুখ্যমন্ত্ৰীসকলৰ সৈতে এক আলোচনাত মিলিত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















