IPLৰ অন্যতম সফল দল চেন্নাই ছুপাৰ কিংছ (CSK)-এ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰৱৰ্তী IPL ছিজনৰ পৰা দলটোৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে ভাৰতৰ প্ৰাক্তন বেগী বলাৰ জাহিৰ খানক নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে ফ্ৰেঞ্চাইজিটোৱে। অৰ্থাৎ, আগন্তুক ছিজনৰ পৰা CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত দেখা যাব জাহিৰ খানক। দলটোৰ ভৱিষ্যৎ কৌশল আৰু দীৰ্ঘম্যাদী পৰিকল্পনাক গুৰুত্ব দি জাহিৰ খানক এই গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে। তেওঁৰ অভিজ্ঞতা আৰু ক্ৰিকেট সম্পৰ্কীয় জ্ঞানক ব্যৱহাৰ কৰি দলটোক আগুৱাই নিয়াৰ লক্ষ্য লৈছে CSKই।
ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফল বাওঁহতীয়া বেগী বলাৰ হিচাপে পৰিচিত জাহিৰ খানৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ যথেষ্ট সফল। ভাৰতৰ হৈ তেওঁ ৯২খন টেষ্টত ৩১১টা উইকেট আৰু ২০০খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত ২৮২টা উইকেট দখল কৰিছিল। টি-২০ আন্তঃৰাষ্ট্ৰীয়ত তেওঁ ১৭খন মেচ খেলি ১৭টা উইকেট লাভ কৰে। বিশেষকৈ ২০১১ চনৰ এদিনীয়া বিশ্বকাপত জাহিৰৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ। ভাৰত বিশ্বকাপ চেম্পিয়ন হোৱা সেই প্ৰতিযোগিতাখনত তেওঁ ২১টা উইকেট দখল কৰিছিল। এই প্ৰদৰ্শনৰ বাবে তেওঁ প্ৰতিযোগিতাখনৰ সৰ্বাধিক উইকেট দখল কৰা বলাৰৰ ভিতৰত আছিল।
IPLৰ খেলুৱৈ হিচাপেও জাহিৰ খানৰ ৰেকৰ্ড যথেষ্ট ভাল। তেওঁ RCB, মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী ডেয়াৰডেভিলছৰ হৈ আই পি এলত খেলিছিল। আই পি এলত মুঠ ১০০খন মেচত ১০২টা উইকেট দখল কৰা জাহিৰৰ ইকনমি ৰেট আছিল ৭.৫৯। কেৰিয়াৰৰ শেষৰ ফালে তেওঁ দিল্লী ডেয়াৰডেভিলছৰ অধিনায়কৰ দায়িত্বও পালন কৰিছিল। দলৰ যুৱ খেলুৱৈসকলক গঢ় দিয়াতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।
খেলুৱৈ হিচাপে অৱসৰ লোৱাৰ পিছতো ক্ৰিকেটৰ সৈতে জড়িত হৈ থাকে জাহিৰ খান। ২০১৮ চনৰ পৰা ২০২২ চনলৈ তেওঁ মুম্বাই ইণ্ডিয়ানছৰ ক্ৰিকেট অপাৰেচনৰ সঞ্চালক হিচাপে কাম কৰিছিল। জাহিৰ মুম্বাই ইণ্ডিয়ানছৰ সৈতে জড়িত থকা সময়ছোৱাত দলটোৱে ২০১৯ আৰু ২০২০ চনত একেৰাহে দুবাৰ IPL খিতাপ লাভ কৰিছিল। এই সময়ছোৱাত দলটোৰ ক্ৰিকেট সম্পৰ্কীয় পৰিকল্পনা আৰু খেলুৱৈ বিকাশৰ ক্ষেত্ৰতো তেওঁ ভূমিকা পালন কৰিছিল।
ইয়াৰ পিছত জাহিৰ খান লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মেণ্টৰ হিচাপে যোগদান কৰে। খেলুৱৈ, অধিনায়ক, প্ৰশাসক আৰু মেণ্টৰ হিচাপে লাভ কৰা দীঘলীয়া অভিজ্ঞতাৰ পিছত এতিয়া তেওঁ CSKৰ মুখ্য প্ৰশিক্ষকৰ গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে। CSKৰ বাবে এয়া হ’ব এক নতুন অধ্যায়। ফ্লেমিঙৰ দীঘলীয়া সফল অধ্যায়ৰ পিছত জাহিৰ খানৰ অধীনত দলটোৱে কেনেদৰে নতুন কৌশল আৰু পৰিকল্পনাৰে আগবাঢ়ে, সেয়া এতিয়া ক্ৰিকেট অনুৰাগীৰ বাবে আকৰ্ষণৰ বিষয় হৈ পৰিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















