• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

3 weeks ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

2 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

2 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

3 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

3 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

4 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

4 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

5 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

7 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

7 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

8 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

8 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

চাইবাৰ অপৰাধীৰ ন ন কৌশল!

editor by editor
September 3, 2026
in অপৰাধ, প্ৰযুক্তি, ভাৰত, লেখা
0
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা
0
SHARES
211
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চাইবাৰ অপৰাধীয়ে নিতৌ নতুন নতুন কৌশল ব্যৱহাৰ কৰি সাধাৰণ জনতাৰ পৰা উদ্যোগপতিলৈ নিজৰ জালত পেলাই আহিছে। শেহতীয়াকৈ ৰাজস্থানৰ জয়পুৰত সংঘটিত হোৱা এক চাইবাৰ প্ৰৱঞ্চনাই সকলোকে চিন্তিত কৰি তুলিছে। কোম্পানীৰ বছ বা পৰিচালকৰ পৰিচয় ব্যৱহাৰ কৰি এজন একাউণ্টেণ্টক বিশ্বাসত লৈ প্ৰায় ৬.৮০ কোটি টকা বিভিন্ন বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰাই লোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। ঘটনাৰ পিছতে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াই ৰাজ্যিক চাইবাৰ অপৰাধ আৰক্ষী থানাত অভিযোগ দাখিল কৰে। অভিযোগ লাভ কৰাৰ পিছত আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰে আৰু মাত্ৰ এসপ্তাহৰ ভিতৰতে এই কাণ্ডৰ সৈতে জড়িত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ তথ্য অনুসৰি, চাইবাৰ অপৰাধীয়ে প্ৰথমে কোম্পানীটোৰ এজন একাউণ্টেণ্টৰ কম্পিউটাৰটো হেক কৰে। তাৰ পিছত একাউণ্টেণ্টজনৰ হোৱাটছএপ যোগাযোগ তালিকাৰ পৰা কোম্পানীটোৰ প্ৰকৃত বছৰৰ মোবাইল নম্বৰটো আঁতৰাই তাৰ স্থানত একে নাম আৰু একে প্ৰফাইল ফটোৰে এটা নতুন নম্বৰ যোগ কৰে। ইয়াৰ ফলত একাউণ্টেণ্টজনে নতুন নম্বৰটো কোম্পানীটোৰ প্ৰকৃত পৰিচালকৰ বুলি ভাবি লয়।

ইয়াতেই ক্ষান্ত নাথাকি চাইবাৰ অপৰাধীসকলে কোম্পানীটোৰ বছ আৰু একাউণ্টেণ্টৰ মাজত আগতে হোৱা কথোপকথনৰ ধৰণ অনুকৰণ কৰি নতুনকৈ মেছেজ আদান-প্ৰদান কৰে। ফলত একাউণ্টেণ্টজনৰ সন্দেহৰ কোনো কাৰণ নাথাকিল। অৱশেষত পৰিচালকৰূপী চাইবাৰ অপৰাধীৰ নিৰ্দেশ অনুসৰি কোম্পানীটোৰ একাউণ্টৰ পৰা তিনিটা বেংক একাউণ্টলৈ মুঠ ৬.৮ কোটি টকা ট্ৰেন্সফাৰ কৰা হয়।

ঘটনাটোৰ বিষয়ে জানিব পাৰি ৰাজ্যিক চাইবাৰ অপৰাধ আৰক্ষী আৰু ১৯৩০ চাইবাৰ অপৰাধ হেল্পলাইনৰ সৈতে জড়িত দলে তৎক্ষণাত বেংকসমূহৰ সৈতে যোগাযোগ কৰি লেনদেনসমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে। আৰক্ষীৰ তৎপৰতাৰ ফলত প্ৰতাৰিত ধনৰ ভিতৰত প্ৰায় ৩.৫০ কোটি টকা বিভিন্ন বেংক একাউণ্টত ফ্ৰীজ কৰিবলৈ সক্ষম হয়। তদন্তত আৰক্ষীয়ে জানিব পাৰে যে অভিযুক্তসকলে প্ৰতাৰণাৰ ধন পোনপটীয়াকৈ নিজৰ বেংক একাউণ্টত জমা কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে আন লোকৰ বেংক একাউণ্ট ব্যৱহাৰ কৰিছিল। এই একাউণ্ট প্ৰদান কৰা লোকসকলক ইয়াৰ বিনিময়ত কমিচন দিয়া হৈছিল।

প্ৰতাৰিত ধন এই একাউণ্টসমূহত জমা হোৱাৰ পিছত চেক, এটিএম, ইউপিআই, নগদ ধন জমা মেচিন, ডিজিটেল ৱালেট আৰু আন বহু বেংক একাউণ্টৰ জৰিয়তে ধন স্থানান্তৰ কৰা হৈছিল। আৰক্ষীৰ তদন্তত এইটোও পোহৰলৈ আহিছে যে চাইবাৰ অপৰাধীসকলে বিভিন্ন টেলিগ্ৰাম চেনেলৰ জৰিয়তে বেংক একাউণ্ট, এটিএম কাৰ্ড, ছিম কাৰ্ড আৰু পাছবুক আদি সংগ্ৰহ কৰিছিল।

এটা বেংক একাউণ্টৰ সম্পূৰ্ণ ‘কিট’ৰ বাবে প্ৰায় ১০ হাজাৰৰ পৰা ১৫ হাজাৰ টকা পৰ্যন্ত দিয়া হৈছিল বুলি তদন্তত প্ৰকাশ পাইছে। প্ৰতাৰণাৰ ধন কোনো একাউণ্টত জমা হোৱাৰ পিছতে সেয়া দ্ৰুতগতিত আন একাউণ্টলৈ স্থানান্তৰ কৰা হৈছিল। আৰক্ষীৰ মতে, প্ৰথম পৰ্যায়ত ব্যৱহাৰ কৰা তিনিটা বেংক একাউণ্টৰ পৰা ধন প্ৰায় ২৫০টা বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হৈছিল। বিভিন্ন একাউণ্টৰ মাজেৰে বাৰে বাৰে ধন স্থানান্তৰ কৰাৰ মূল উদ্দেশ্য আছিল ধনৰ প্ৰকৃত উৎস লুকুৱাই ৰখা।

এই ঘটনাৰ তদন্ত চলাই ৰাজ্যিক চাইবাৰ অপৰাধ আৰক্ষীয়ে চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। মায়ংক কচৌটিয়া, বৃজমোহন ড্ৰন ওৰফে লাকী, সমনাৰাম, মোহিত যাদৱ ওৰফে মতি। এই চাইবাৰ প্ৰৱঞ্চনাৰ তদন্তত আন্তঃৰাষ্ট্ৰীয় সংযোগৰ কথাও পোহৰলৈ আহিছে। বেংক লেনদেনৰ সৈতে জড়িত ইণ্টাৰনেট প্ৰট’কল বা IP ঠিকনা বিশ্লেষণ কৰি আৰক্ষীয়ে কিছুমান গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে।

তদন্ত অনুসৰি, বেংক একাউণ্টত ধন জমা হোৱাৰ পিছত সেই ধন ছিংগাপুৰ আৰু হংকঙত থকা গেঙৰ মাষ্টাৰ মাইণ্ডসকলৰ সৈতে জড়িত নেটৱৰ্কলৈ স্থানান্তৰ কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। ইয়াৰ পিছত বিভিন্ন বেংক একাউণ্ট, কিউআৰ ক’ড আৰু ডিজিটেল মাধ্যমৰ একাধিক স্তৰৰ জৰিয়তে ধন ঘূৰাই-পকাই স্থানান্তৰ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল ধনৰ উৎস আৰু প্ৰকৃত হিতাধিকাৰীক চিনাক্ত কৰাটো কঠিন কৰি তোলা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cyber crime
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?
জীৱনশৈলী

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

September 23, 2026
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

September 23, 2026
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’
ভাৰত

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

September 23, 2026
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে
অপৰাধ

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

September 23, 2026
Next Post
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.