‘ডানা’ৰ ভয়ংকৰ ৰূপ! পৰিত্ৰাণৰ বাবে বিমান বন্দৰ বন্ধ, ১০ লাখ লোকক স্থানান্তৰিত, অসমতো আৰম্ভ ইয়াৰ প্ৰভাৱ
ঘূৰ্ণীবতাহৰ ধুমুহা ডানাক লৈ ওড়িশা আৰু পশ্চিম বংগত সতৰ্কতা বৃদ্ধি পাইছে। ধুমুহাৰ পৰা ৰক্ষা পাবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ওড়িশাত এনডিআৰএফৰ ২৮৮টা দল মোতায়েন কৰা হৈছে। ইয়াৰ উপৰিও ৰাজ্যৰ ১৪খন জিলাৰ পৰা ১০ লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে।
এই ঘূৰ্ণীবতাহৰ ধুমুহাৰ প্ৰভাৱ ওড়িশাৰ পৰা বংগ, বিহাৰ আৰু ঝাৰখণ্ডলৈকে দেখা যাব। এই ধুমুহাই ৰাষ্ট্ৰীয় উদ্যান আৰু ধমৰা বন্দৰৰ মাজৰ পৃষ্ঠত খুন্দা মাৰিব পাৰে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি এই ধুমুহা আহি আছে প্ৰতি ঘণ্টাত ১৫ কিলোমিটাৰ বেগেৰে ওড়িশা অভিমুখে। বৰ্তমান পাৰাদীপৰ পৰা ৫৬০ কিলোমিটাৰ আৰু সাগৰদ্বীপৰ পৰা ৬৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত।
আজি নতুবা কালি কাইলৈৰ ভিতৰত পশ্চিম বংগ আৰু ওড়িশাৰ উপকূলত ঘূৰ্ণীবতাহ ডানাই আঘাত হানিব বুলি আশা কৰা হৈছে আৰু সাগৰত যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ভাৰতীয় উপকূলক্ষী বাহিনীয়ে নিজৰ জাহাজ আৰু বিমান নিয়োগ কৰিছে।
প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে ক’ষ্ট গাৰ্ডে পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে আৰু ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ ফলত উদ্ভৱ হোৱা যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুতি নিশ্চিত কৰাৰ বাবে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।
বিবৃতিটোত কোৱা হৈছে যে ক’ষ্ট গাৰ্ডে তেওঁলোকৰ বিশেষ দুৰ্যোগ সাহায্য দলৰ সৈতে হাই এলাৰ্টত আছে, যিয়ে সহায়, উদ্ধাৰ আৰু সাহায্য অভিযান আগবঢ়াবলৈ সাজু। মন্ত্ৰালয়ে কয় যে, ‘যিহেতু ২৪-২৫ অক্টোবৰত পশ্চিম বংগ আৰু ওড়িশাৰ উপকূলত ঘূৰ্ণীবতাহ ডানা উপস্থিত হোৱাৰ সম্ভাৱনা আছে, সেয়েহে ক’ষ্ট গাৰ্ড ৰিজিঅ’নে (উত্তৰ-পূব) সাগৰত জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে কেইবাটাও সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।’
ঘূৰ্ণীবতাহৰ ধুমুহা ‘ডানা’ৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা ১৬ ঘণ্টাৰ বাবে ভুৱনেশ্বৰৰ বিজু পাটনাইক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমান সেৱা বন্ধ কৰি দিয়া হ’ব। এই তথ্য এক বিবৃতিত দিয়া হৈছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি শুকুৰবাৰে পুৱা ভিতৰকনিকা ৰাষ্ট্ৰীয় উদ্যান আৰু ওড়িশাৰ ধমৰা বন্দৰৰ মাজৰ উপকূলত এই ঘূৰ্ণীবতাহ উপস্থিত হোৱাৰ সম্ভাৱনা আছে আৰু ঘণ্টাত ১২০ কিলোমিটাৰ বেগত বতাহ বলিব পাৰে।
বিষয়াসকলে জনোৱা মতে, ভুৱনেশ্বৰ বিমানবন্দৰত দৈনিক ১০০ৰো অধিক বিমান চলাচল কৰা হয়, য’ত প্ৰায় ১৫ হাজাৰ লোকে যাত্ৰা কৰে।” তাত ইয়াৰ বাহিৰেও কলকাতাত বিমানবন্দৰটো বন্ধ কৰি দিয়া হৈছিল।
ঘূৰ্ণীবতাহৰ ধুমুহা ডানাৰ পৰিপ্ৰেক্ষিতত ইষ্টাৰ্ণ ৰেলৱেই বৃহস্পতিবাৰে নিশা ৮ বজাৰ পৰা শুকুৰবাৰে পুৱা ১০ বজালৈ নিজৰ ছিয়ালডাহ সংমণ্ডলত ১৯০খন স্থানীয় ৰে’ল চলাব নোৱাৰিব। এজন বিষয়াই এই তথ্য দিলে। ৰেল যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল সতৰ্কতামূলক ব্যৱস্থা হিচাপে। ইষ্টাৰ্ণ ৰেলৱেৰ বিষয়াই জনোৱা মতে, ছিলদাহ দক্ষিণ আৰু হাছনাবাদ অংশত ১৯০খন ৰে’ল বাতিল হৈ থাকিব।
দুৰ্যোগ সাহায্য বাহিনী নিয়োগ কৰাৰ সমান্তৰালকৈ বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ওড়িশা চৰকাৰে। ইয়াৰ উপৰিও সকলো চৰকাৰী কৰ্মচাৰীৰ ছুটী বাতিল কৰা হৈছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিলসমূহত জাৰি কৰা হৈছে ১৪৪ ধাৰা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ