অসম লাইভ২৪ঃ দুৰ্গোৎসৱৰ আনন্দৰ মাজতেই ভয়ংকৰ খবৰ। শক্তিশালী চাইক্লন তেজক লৈ বিশেষ পষ্ট শ্বেয়াৰ কৰিছে IMDয়ে। IMDৰ টুইটাৰ হেণ্ডেলৰ পৰা শ্বেয়াৰ কৰা পোষ্টত থকা অনুসৰি, ২২ অক্টোবৰত অতি শক্তিশালী ঘূৰ্ণীবতাহ তেজে ভয়ংকৰ ৰূপ ল’ব। আগন্তুক ২৫ অক্টোবৰ পৰ্যন্ত ঘূৰ্ণিবতাহ তেজৰ প্ৰভাৱ পৰিব। য়েমেন আৰু ওমানৰ ওপৰেৰে পাৰ হ’ব এই তেজ। আগন্তুক ২৪ ঘণ্টাত নিম্নচাপৰ বাবে বতৰ বেয়া হোৱাৰ কথাও প্ৰকাশ কৰিছে IMDয়ে।
দক্ষিণ পূব আৰু দক্ষিণ পশ্চিম আৰৱ সাগৰত এই ঘূৰ্ণীবতাহৰ উৎপত্তিস্থল। এই চাইক্লনে উত্তৰ পশ্চিম দিশেৰে অগ্ৰসৰ হৈ দক্ষিণ ওমান আৰু য়েমেনৰ উপকূলৰ দিশে যাব। চলিত বছৰত আৰৱ সাগৰত তৈয়াৰ হোৱা এয়া দ্বিতীয় ঘূৰ্ণীবতাহ। ইয়াৰ পূৰ্বে আহিছিল চাইক্লন বিপৰ্যয়। গুজৰাটৰ মাণ্ডৱী আৰু পাকিস্তানৰ কৰাচি উপকূলৰ মাজেৰে পাৰ হোৱা এই বিপৰ্যৰত উত্তৰ পশ্চিম দিশত যথেষ্ট প্ৰভাৱো পৰিছিল। এই ক্ষেত্ৰত তেজে কেনেধৰণে গতি সলনি কৰিব সেই বিষয়েও জনাইছে IMDয়ে।
IMD ৰিপৰ্টত উল্লেখ কৰা অনুসৰি ঘূৰ্ণীবতাহ তেজে ঘণ্টাত ৬২ৰ পৰা ৮৮ কিঃমিঃ বেগেৰে গতি কৰিব। যদি বতাহৰ গতিবেগ ঘণ্টাত ৮৯ৰ পৰা ১১৯ কিঃমিঃ হয় তেন্তে তেজৰ অতি শক্তিশালী ঘূৰ্ণীবতাহ বুলি ধৰা হ’ব। বৰ্তমান পৰ্যন্ত পোৱা তথ্য অনুসৰি য়েমেন আৰু ওমানৰ উপকূলত প্ৰভাৱ পেলাব তেজে। একাংশৰ দাবী, ইয়াৰ প্রভাৱত ঘণ্টাত ৬২ৰ পৰা ৮৮কিঃমিঃ বেগত বতাহ বলাৰ লগতে বৰষুণৰো সম্ভাৱনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















