মেদবহুলতা বহুক্ষেত্ৰত ব্যক্তিৰ বাবে একপ্ৰকাৰ অভিশাপ বুলিয়ে ভৱা হয়৷ কিন্তু কেতিয়াবা ই পৰিণত হৈ পৰে আশীৰ্বাদলৈ৷ মেদবহুলতাও কাৰোবাৰ বাবে হ’ব পাৰে উপাৰ্জনৰ পথ৷ ব্যক্তিৰ বাবে উপাৰ্জনৰ পথ সুগম কৰে মেদবহুলতাই৷ শুনিবলৈ আচহুৱা যেন লাগিলেও এয়া সত্য৷ ২২৬ কিলো ওজনৰ এগৰাকী মহিলাই কেৱল মেদবহুলতাৰ বাবেই উপাৰ্জন কৰে মাহিলি ডেৰ লক্ষাধিক টকা৷
প্ৰকৃততে মহিলাগৰাকীয়ে মেদবহুলাৰ বাবে সৃষ্টি হোৱা সমস্যাবোৰ ৰেক’ৰ্ড কৰি ছ’চিয়েল মিডিয়াত আপলোড কৰে৷ ছ’চিয়েল মিডিয়াত জনপ্ৰিয় তেওঁৰ পোষ্ট৷ বৃহৎ সংখ্যক অনুৰাগীও আছে ডেনিয়েল বীৰ্ছ নামৰ মহিলাগৰাকীৰ৷ বৰ্তমান তেওঁ এগৰাকী ছ’চিয়েল ইনফ্লুয়েনচাৰ৷ সাধাৰণ দুৱাৰেৰে সৰকিব নোৱাৰে ডেনিয়েল ৷
প্ৰতিদিনে তেনেদৰে আৰু বহু সমস্যাৰ সৃষ্টি হয় মহিলাগৰাকীৰ৷ সেই সকলোবোৰ ছ’চিয়েন মিডিয়াত পোষ্ট কৰে৷ অনুৰাগীৰ অনুৰোধ মৰ্মে পোষ্ট কৰা প্ৰতিটো ভিডিঅ’ৰ বিনিময়ত তেওঁ লয় ৩০০-৮০০ টকা পৰ্যন্ত৷ প্ৰথমে অসুবিধাৰ সন্মুখীন হৈছিল যদিও সম্প্ৰতি নিজকে এনেদৰেই গ্ৰহণ কৰিছে ডেনিয়েল বীৰ্ছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ