বিগত দুটা দিনত সমগ্ৰ বিশ্বতে সৰ্বাধিক চৰ্চাৰ বিষয়টো হৈছে বিশ্বৰ এক নম্বৰ ধনী ব্যক্তি ইলন মাস্কে ক্ৰয় কৰা অন্যতম বহুল প্ৰচলিত সামাজিক মাধ্যম টুইটাৰ কোম্পানী৷ ৪৪ বিলিয়ন ইউ এছ ডলাৰত টুইটাৰক ক্ৰয় কৰি ইলন মাস্কে এক ব্যক্তিগত মালিকীস্বত্ত্ব কোম্পানীলৈ পৰ্য্যৱসিত কৰাৰ পাছতে ভৱিষ্যৎ অন্ধকাৰৰ দিশে গতি কৰিছে টুইটাৰ৷ পিছে এই মন্তব্য দিছে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া তথা ভাৰত সন্তান পৰাগ আগৰৱালে৷
SEE MORE: কোনে উদ্ধাৰ কৰিব ডুবন্ত কংগ্ৰেছক? অন্তিম পাশুপাত অস্ত্ৰ প্ৰশান্ত কিশোৰেও ক’লে- NO
পৰাগ আগৰৱালে মন্তব্যত কয়— ইলন মাস্কে টুইটাৰক ক্ৰয় কৰাৰ চুক্তি সম্পন্ন হোৱাৰ পাছত আমি নাজানো যে ছ’চিয়েল মিডিয়াৰ এই প্লেটফৰ্মটো কোন দিশে গতি কৰিব৷ তেওঁ কয়- বৰ্তমান সময়ত টুইটাৰৰ উদ্দেশ্য আৰু প্ৰাসংগিকতা এখন সমাজৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ৷ টুইটাৰে জন্মকালছোৱাৰ পৰা সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰি আহিছে৷ লগতে পৰাগ আগৰৱালে টুইটাৰৰ নিজৰ দলটোৰ প্ৰশংসা কৰি কয় যে— মই মোৰ দলক লৈ গৌৰৱান্বিত৷
ইফালে সন্দেহ কৰা হৈছে ইলন মাস্কৰ হাতলৈ টুইটাৰৰ চাবি-কাঠি যোৱাৰ লগে লগে অনিশ্চিত ভৱিষ্যতে খেদি মাৰিছে টুইটাৰ কোম্পানীত কৰ্মৰত কৰ্মচাৰীসকলক৷ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালে কৰ্মচাৰীসকলৰ ভৱিষ্যতক লৈ মন্তব্য কৰে যে কোম্পানীটোৰ ভৱিষ্যৎ আন্ধাৰত৷ তেন্তে কোম্পানীটোত কৰ্মৰত বৰ্তমানৰ কৰ্মচাৰীসকলক কোন সময়ত চাকৰিৰ পৰা বহিষ্কাৰ কৰে তাৰ কোনো ঠিক নাই৷
আৰু টুইটাৰৰ CEO তথা ভাৰত সন্তান পৰাগ আগৰৱালৰ এনে মন্তব্যৰ পৰাই স্পষ্ট হয় যে যথেষ্ট মানসিকভাৱে ভাগি পৰিছে বৰ্তমানৰ এইগৰাকী CEOই৷ ইফালে, আন এক তথ্য অনুসৰি ২০২১ চনৰ নৱেম্বৰত টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে যোগদান কৰা পৰাগ আগৰৱালক যদি ১২ মাহৰ পূৰ্বে টুইটাৰৰ পৰা বহিষ্কাৰ কৰা হয় তেন্তে ইলন মাস্কে পৰাগ আগৰৱালক পৰিশোধ কৰিব লাগিব ভাৰতীয় মূল্য অনুসৰি প্ৰায় ৩২১ কোটি টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ