• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

3 weeks ago
‘হত শৈশৱ’

‘হত শৈশৱ’

1 hour ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

2 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

3 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

4 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

6 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

6 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

7 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

7 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

7 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

8 hours ago
বৈপৰীত্য

বৈপৰীত্য

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

কিন্তু কেনেকৈ এয়া সম্ভৱ?

editor by editor
September 7, 2026
in বিবিধ, ভাৰত, লেখা
0
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুবছৰ পূৰ্বে যিগৰাকী মহিলাক মৃত বুলি ভাবি পৰিয়ালে শেষকৃত্য সম্পন্ন কৰিছিল, সেই ২৮ বছৰীয়া মহিলাগৰাকীয়ে ৫ ছেপ্টেম্বৰত হঠাতে জীৱিত অৱস্থাত নিজৰ ঘৰলৈ উভতি আহে। শিৱানী নামৰ ঘৰলৈ ঘূৰি অহাৰ পিছতে এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে—যদি শিৱানী জীৱিত আছিল, তেন্তে দুবছৰ পূৰ্বে নলাৰ পৰা উদ্ধাৰ হোৱা আৰু ভৈনছাকুণ্ডত দাহ কৰা মৃ*তদেহটো কাৰ আছিল? চাঞ্চল্য সৃষ্টি কৰা এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ বাক্ষী কা তালাব (BKT) অঞ্চলত। লগতে, আৰক্ষীৰ তদন্ত পদ্ধতি আৰু মৃ*তদেহ চিনাক্তকৰণ ব্যৱস্থাক লৈ ডাঙৰ প্ৰশ্নৰ সৃষ্টি কৰিছে।

তথ্য অনুসৰি, BKTৰ নৱিকোট নন্দনা অঞ্চলৰ বাসিন্দা সৰ্বেশ সিং ওৰফে হীগুৰ কন্যা শিৱানীৰ ২০২০ চনৰ ২২ এপ্ৰিলত সীতাপুৰৰ শ্বাকতাপুৰৰ বাসিন্দা আনন্দ সিঙৰ সৈতে বিবাহ হৈছিল। অভিযোগ অনুসৰি, বিবাহৰ কিছুদিন পিছতে শহুৰেকৰ পৰিয়ালে ভূমি দাবী কৰি শিৱানীক মানসিকভাৱে হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছিল। পৰিস্থিতি ক্ৰমাৎ বেয়া হোৱাত শিৱানীৰ পিতৃ-মাতৃয়ে তেওঁক নিজৰ ঘৰলৈ লৈ আহিছিল। ২০২৪ চনৰ ২ মে’ত শিৱানীয়ে নিজৰ পৰিচয় পত্ৰ আনিবলৈ ভিখাপুৰলৈ যোৱা আৰু ইন্দোৰবাগ CHCত পেটৰ বিষৰ চিকিৎসা লোৱাৰ কথা কৈ ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু সেইদিন ধৰি তেওঁ ঘৰলৈ উভতি নাহিল। পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰকে ধৰি বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰিও কোনো সন্ধান নোপোৱাত ৪ মে’ত BKT থানাত শিৱানী নিৰুদ্দেশ হোৱা বুলি অভিযোগ দাখিল কৰে।

শিৱানী নিৰুদ্দেশ হোৱাৰ প্ৰায় ডেৰ-দুমাহ পিছত, ২০২৪ চনৰ ১৬ জুলাইত ছাইৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত IIM ৰোডৰ পিছফালে থকা এটা নলাৰ পৰা এগৰাকী মহিলাৰ পচি যোৱা মৃ*তদেহ উদ্ধাৰ কৰা হয়। মৃতদেহটো চিনাক্ত কৰিব নোৱাৰা অৱস্থাত আছিল। ঘটনাৰ খবৰ পোৱাৰ পিছত শিৱানীৰ পৰিয়ালৰ লোক ঘটনাস্থলীলৈ যায়। মৃ*তদেহটোৰ আঙুলিত থকা আঙঠি আৰু হাতৰ ব্ৰেচলেট দেখি পৰিয়ালৰ লোকে সেইটো শিৱানীৰ মৃ*তদেহ বুলি চিনাক্ত কৰে।

আৰক্ষীয়ে মৃ*তদেহৰ পৰিচয় নিশ্চিত কৰিবলৈ DNA নমুনাও সংগ্ৰহ কৰিছিল। কিন্তু DNA পৰীক্ষাৰ ফলাফল অহাৰ পূৰ্বেই পৰিয়ালৰ লিখিত চিনাক্তকৰণৰ ভিত্তিত মৃ*তদেহটো তেওঁলোকক গতাই দিয়া হয়। পিছত ভৈনছাকুণ্ডত মৃ*তদেহটোৰ শেষকৃত্য সম্পন্ন কৰা হয়।

কিন্তু বিগত ৫ ছেপ্টেম্বৰৰ সন্ধিয়া ঘটনাটোৱে সম্পূৰ্ণ নতুন ৰূপ লয়। হঠাতে শিৱানী নিজৰ গাঁও নৱিকোট নন্দনাৰ ঘৰলৈ উভতি আহে। দুবছৰ পূৰ্বে যিগৰাকী কন্যাক মৃ*ত বুলি ভাবি পৰিয়ালে শেষকৃত্য সম্পন্ন কৰিছিল, সেইগৰাকী কন্যাকে জীৱিত অৱস্থাত সন্মুখত দেখি পৰিয়ালৰ লোক স্তম্ভিত হৈ পৰে। ঘটনাৰ পিছতে পৰিয়ালে BKT আৰক্ষী আৰু স্থানীয় প্ৰশাসনক বিষয়টো অৱগত কৰে। শিৱানীৰ উভতি অহাৰ খবৰে আৰক্ষীৰ মাজতো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।

এতিয়া আৰক্ষীৰ তদন্তৰ কেন্দ্ৰবিন্দু হৈছে—২০২৪ চনৰ ২ মে’ত ঘৰৰ পৰা ওলাই যোৱাৰ পিছত শিৱানী ইমানদিন ক’ত আছিল? এই সময়ছোৱাত তেওঁ কাৰ সৈতে আছিল, কিয় পৰিয়ালৰ সৈতে কোনো যোগাযোগ কৰা নাছিল আৰু এতিয়া হঠাতে কিয় ঘৰলৈ উভতি আহিল—এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ আৰক্ষীয়ে শিৱানীৰ পৰা তথ্য সংগ্ৰহ কৰি আছে।

শিৱানী জীৱিত বুলি নিশ্চিত হোৱাৰ পিছত এতিয়া গোচৰটোৰ আটাইতকৈ ডাঙৰ ৰহস্য হৈ পৰিছে ২০২৪ চনত নলাৰ পৰা উদ্ধাৰ হোৱা সেই অচিনাক্ত মহিলাগৰাকী। ভৈনছাকুণ্ডত যিগৰাকী মহিলাৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল, তেওঁ প্ৰকৃততে কোন আছিল? তেওঁ আন কোনো ঠাইৰ পৰা নিৰুদ্দেশ হোৱা মহিলা আছিল নেকি? নে তেওঁৰ মৃ*ত্যুৰ আঁৰত কোনো অপৰাধ জড়িত আছিল?

এই প্ৰশ্নবোৰৰ উত্তৰ এতিয়া নতুনকৈ বিচাৰিব লাগিব আৰক্ষীয়ে। লগতে পূৰ্বৰ তদন্তত DNA পৰীক্ষাৰ ফলাফল অহাৰ পূৰ্বেই কেৱল অলংকাৰৰ ভিত্তিত মৃ*তদেহ চিনাক্ত কৰাৰ সিদ্ধান্ত কিয় লোৱা হৈছিল, সেই বিষয়েও প্ৰশ্ন উত্থাপন হৈছে। শিৱানীৰ উভতি অহাৰ পিছত দুবছৰ পূৰ্বে বন্ধ হোৱা গোচৰটোৱে যেন পুনৰ নতুন ৰূপ লৈছে। এতিয়া আৰক্ষীৰ সন্মুখত দুটা ডাঙৰ প্ৰশ্ন—শিৱানী দুবছৰ ক’ত আছিল আৰু নলাত উদ্ধাৰ হোৱা মৃ*তদেহটো আচলতে কাৰ আছিল?

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Mystry
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
দ্য  ইনভিজিবল  মেন
সমীক্ষণ (আলোচনী)

দ্য ইনভিজিবল মেন

September 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

September 27, 2026
Next Post
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

বিক্ৰী হ'ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.