কেৰালাৰ ৱায়নাডত হোৱা বান আৰু ভূমিস্খলনত মৃতকৰ সংখ্যাই ৩০০ অতিক্ৰম কৰিছে৷ কেৰালাৰ স্বাস্থ্যমন্ত্ৰীয়ে এতিয়ালৈকে ৩০৮গৰাকীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে৷ তেওঁলোকৰ মাজত বহুতৰেই সম্পূৰ্ণ দেহ উদ্ধাৰ হোৱা নাই৷ ধ্বংস্তূপৰ পৰা পোৱা গৈছে কেৱলমাত্ৰ দেহাংশহে৷ ভূমিস্খলনৰ ফলত বিগত চাৰিদিনতেই ৱায়নাড মৃত্যুপুৰীত পৰিণত হৈছে৷ ড্ৰোনৰ মাধ্যমেৰে মৃতদেহৰ সন্ধান চলাইছে প্ৰশাসনে৷ প্ৰশিক্ষণপ্ৰাপ্ত একাধিক কুকুৰকো কামত নমোৱা হৈছে৷
কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে শুকুৰবাৰে জনোৱা অনুসৰি বৰ্তমান পৰ্যন্ত ৱায়নাডত মৃতকৰ সংখ্যা হৈছেগৈ ৩০৮ জন৷ তাৰমাজতেই মাজত ১৯৫টাহে সম্পূৰ্ণ দেহ উদ্ধাৰ হৈছে৷ বাকী ১১৩টা হৈছে দেহাংশহে৷ সেই দেহাংশসমূহৰো মৰোণোত্তৰ চলিব৷ অৱশ্যে চৰকাৰী হিচাপত এতিয়াও ১৯০জনৰ মৃত্যু হোৱা বুলিয়েই নিশ্চিতি দিয়া হৈছে৷ সংবাদ সংস্থা পিটিআইয়ে জনোৱা অনুসৰি মৃতকৰ সংখ্যা ১৯০ আৰু নিখোঁজ হৈ আছে ২০০তকৈয়ো বেছি লোক৷
বৃহস্পতিবাৰে দিনজুৰি চালিয়াৰ নদীত ভাহি উঠিছে এটাৰ পাছত আনটো দেহাংশ৷ সেইসমূহ উদ্ধাৰৰ বাবে সাজু হৈ আছে সেনা৷ চুৰালমালা, আত্তামালা, নুলপুঝা আৰু মুণ্ডাক্কাই গাঁও দুৰ্যোগৰ পাছতেই নিশ্চিহ্ন হৈ গৈছে৷ যিফালেই চকু দিয়ে সিফালেই দেখিব ধ্বংসস্তূপ৷ মাটিৰ তলত পোত গৈ আছে এতিয়াও বহু লোক বুলি আশংকা ব্যক্ত কৰা হৈছে৷ মাটি কটা যন্ত্ৰৰে দেহ উদ্ধাৰৰ কাম চলি আছে৷ মাটি খান্দিলেই ওলাই আহিছে দেহৰ টুকুৰা৷ জিপিএছ ব্যৱহাৰ কৰি ড্ৰোণৰ মাধ্যমেৰে বিভিন্ন এলেকা চিহ্নিত কৰিছে উদ্ধাৰকাৰীয়ে৷ য’তেই উদ্ধাৰকাৰ্যত প্ৰয়োজন বুলি ভাৱিছে তাতেই উপস্থিত হৈছে উদ্ধাৰকাৰী দল৷ ত্ৰাণ আৰু উদ্ধাৰৰ কামৰ গতি আনিবলৈ ৱায়নাডত ১৯০ ফুট দীৰ্ঘ বেলি ব্ৰীজ তৈয়াৰ কৰিছে ভাৰতীয় সেনাই৷ ৪৮ঘণ্টাৰ মাজত সেই সেতু তৈয়াৰৰ কাম সম্পন্ন হৈছে৷ ইমান দিন বিপৰ্যস্ত এলেকাত গধুৰ যন্ত্ৰপাতি নিব পৰা হোৱা নাছিল৷ ফলত উদ্ধাৰকাৰ্য ব্যাহত হৈছে৷ সেই সেঁতুৰ মাধ্যমেৰে সেই সমস্যাৰ সমাধান হ’ব বুলি জনাইছে৷
কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে বৃহস্পতিবাৰে ৱায়নাডৰ বিপৰ্যস্ত এলেকা পৰিদৰ্শন কৰিছে৷ তেওঁ সেই স্থান পৰিদৰ্শন কৰি অহাৰ পাছতেই ঘোষণা কৰিছে যে, দুৰ্ঘটনাগ্ৰস্থ এলেকাৰ ধ্বংসস্তূপৰ মাজত আৰু কোনো জীৱিত অৱস্থাত নাই৷ এতিয়া কেৱল দেহ উদ্ধাৰৰ কামহে বাকী৷ মৃতকৰ সংখ্যা আৰু বাঢ়িব পাৰে বুলি আশংকা কৰিছে বহুতেই৷ ভূমিস্খলনত ৩০০তকৈ অধিক ঘৰ ভাঙি পৰিছে৷ ৱায়নাডত এই মুহূৰ্তত ৪০টা উদ্ধাৰকাৰী দলৰ ১৬০০তকৈ বেছি লোকে কাম কৰি আছে৷
বিগত তিনি দিন ধৰি ৱায়নাডত বাৰে বাৰে উদ্ধাৰকাৰ্য ব্যাহত হৈছে৷ প্ৰতিকূল পৰিবেশৰ বাবেই উদ্ধাৰকামত বাধা আহিছে৷ এতিয়াও বৰষুণ দিয়েই আছে ৱায়নাডত৷ ৰাহুলেও বৃহস্পতিবাৰে সেই স্থান পৰিদৰ্শন কৰিছে৷ সেই স্থান পৰিদৰ্শন কৰি ৰাহুলে এটা কথাই কৈছে৷ ‘পৰিবেশ দেখি মোৰ দেউতাৰ মৃত্যুৰ সময়ৰ কথাবোৰ মনলৈ আহিছে৷’ এই ভূমিস্খলনক লৈ চৰকাৰে পূৰ্বেই সতৰ্ক কৰি দিছিল কেৰালা চৰকাৰক৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পূৰ্বেই ৯টাকৈ দুৰ্যোগ মোকাবিলা দল ৱায়নাডলৈ পঠিয়াইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ