অসম লাইভ ২৪ঃ বিধায়ক অখিল গগৈক বিধানসভাত কৰা ব্যৱহাৰ সন্দর্ভত অধ্যক্ষলৈ পত্ৰ লিখিলে কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই। অখিল গগৈক কোভিড মহামাৰী বিয়পি থকাৰ সময়ত ২০ জন নিৰাপত্তাৰক্ষীয়ে পৰিবেষ্টিত কৰি হাস্পতালৰ পৰা বিধানসভালৈ অনাটো অনুচীত আছিল বুলি কয় দেৱব্ৰত শইকীয়াই।
তদুপৰি অসম বিধানসভাৰ চৌহদত অখিল গগৈৰ নিৰাপত্তাৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হোৱাটো দুখৰ বিষয় বুলি অধ্যক্ষক অৱগত কৰে শইকীয়াই। আনহাতে অধিৱেশনৰ বাকী থকা দুয়োটা দিনতে অখিল গগৈৰ উপস্থিতি সুনিশ্চিত কৰিবলৈ এক পত্ৰযোগে আহ্বান জনাই দেৱব্ৰত শইকীয়াই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ