অত্যধিক কলষ্টেৰল কেৱল হৃদৰোগ বা ষ্ট্ৰোকৰ কাৰণেই নহয়, ই ব্যক্তিৰ যৌন জীৱনৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলায়৷ সেয়ে সুস্থ যৌন জীৱন বৰ্তাই ৰাখিবলৈ কলষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখা অত্যন্ত জৰুৰী৷ স্বাস্থ্যকৰ খাদ্যভাষ, নিয়মিত ব্যায়াম আৰু প্ৰয়োজনত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত৷
১. ইৰেকটাইল ডিছফাংছনঃ এয়া উচ্চ কলষ্টেৰলৰ ফলত হোৱা অন্যতম প্ৰধান যৌন সমস্যা৷ তেজত অতিৰিক্ত কলষ্টেৰল জমা হ’লে ধমনীৰ ভিতৰৰ দেৱালত প্লাক তৈয়াৰ কৰে যাৰ ফলত ধমনী সৰু আৰু টান হৈ পৰে৷ ইয়াৰ কাৰণতেই লিংগত ৰক্ত সৰবৰাহত বাধা আহে৷ লিংগ উত্থানৰ বাবে প্ৰৰ্যাপ্ত ৰক্ত সৰবৰাহ অপৰিহাৰ্য, ৰক্ত প্ৰবাহ কমি গ’লে লিংগ শিথিলতা হয় আৰু উত্থান নোহোৱাৰ দৰে সমস্যাই দেখা দিয়ে৷
২. যৌন আকাংক্ষা কমি যোৱাঃ উচ্চ কলষ্টেৰলে পৰোক্ষভাৰে শৰীৰৰ হৰমনৰ ভাৰসাম্য নষ্ট কৰিব পাৰে৷ টেষ্টোষ্টেৰণ পুৰুষৰ প্ৰধান যৌন হৰমন, যি যৌন আকাংক্ষাৰ বাবে জৰুৰী৷ কিছু ক্ষেত্ৰত কলষ্টেৰলৰ অস্বাভাৱিক মাত্ৰাই হৰমনৰ উৎপাদনক প্ৰভাৱিত কৰে ফলত যৌন ইচ্ছা কমি যাব পাৰে৷
৩. পুৰুষৰ প্ৰজনন ক্ষমতা হ্ৰাসঃ গৱেষণাত দেখা গৈছে উচ্চ কলষ্টেৰলৰে পুৰুষৰ প্ৰজনন ক্ষমতাৰ ওপৰত প্ৰভাৱ পেলায়৷ ই শুক্ৰাণুৰ গুণগত সংখ্যা কমাব পাৰে৷ ৰক্তনলী সৰু হৈ যোৱাৰ কাৰণে অণ্ডকোষেৰে ৰক্ত সৰবৰাহ কমি যায়৷ যিয়ে শুক্ৰাণু উৎপাদন প্ৰক্ৰিয়াক ব্যাহত কৰিব পাৰে৷
৪. শ্ৰোণীত ৰক্ত সঞ্চালন হ্ৰাসঃ কলষ্টেৰলে হৃদপিণ্ডৰ ৰক্তনলীক প্ৰভাৱিত কৰে, তেনেকৈ শৰীৰৰ অন্যান্য অংশৰ ৰক্তনলী, বিশেষকৈ যৌনাংগ আৰু শ্ৰোণী অঞ্চলৰ সূক্ষ্ম ৰক্তনলীসমূহো আক্ৰান্ত হ’ব পাৰে৷ ইয়াৰ ফলত কেৱল পুৰুষেই নহয়, নাৰীৰ ক্ষেত্ৰটো যৌন উত্তেজনাৰ অনুভূতি কমাই দিব পাৰে কাৰণ এই অনুভূতিসমূহ পৰ্যাপ্ত ৰক্ত সঞ্চালনৰ ওপৰত নিৰ্ভৰশীল৷
৫. মানসিক প্ৰভাৱ আৰু আত্মবিশ্বাসৰ অভাৱঃ যৌন সমস্যা, বিশেষকৈ ইৰেকটাইল ডিছফাংছনৰ দৰে সমস্যাই পুৰুষৰ আত্মবিশ্বাসত ডাঙৰ আঘাত হানিব পাৰে৷ ই মানসিক চাপ, উদ্বেগ আৰু সম্পৰ্কৰ অৱনতিৰ কাৰণ হ’ব পাৰে৷ কলষ্টেৰলৰ কাৰণে সৃষ্ট অন্যান্য শাৰীৰিক অসুস্থতা আৰু ক্লান্তিও যৌন জীৱনৰ প্ৰতি আগ্ৰহ কমাই দিয়ে আৰু যৌন ক্ষমতাক লৈ দুচিন্তা বঢ়ায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















