সদ্য মাতৃ হৈছে দীপিকা পাডুকন৷ অন্তঃসত্ত্বা থকা অৱস্থাতো তেওঁ নানান কাম সংক্ৰান্তিয় দায়িত্ব পালন কৰাৰ ছবি ভিডিঅ’ আদি সামাজিক মাধ্যমত ভাইৰেলো হৈছিল৷ অন্তঃসত্ত্বা অৱস্থাতো দীপিকাৰ ফিটনেছ দেখি বহুতেই আচৰিতো হৈছিল৷ কেনেকৈ ইমান মেনেজ কৰিছে দীপিকাই? দীপিকাৰ কামৰ প্ৰতি থকা স্পৃহা আৰু ফিটনেছ দেখি বহুতেই কৈছে সন্তান কোলালৈ আহিলেও দীপিকাই সোনকালেই কামৰ মাজলৈ ঘূৰি আহিব৷ তেওঁৰ সমসাময়িক অন্যান্য অভিনেত্ৰী, আলিয়া ভাট্ট, অনুষ্কা শৰ্মাই সন্তান জন্মৰ পাছত দীৰ্ঘকালীন বিৰতি লৈছে৷ কিন্তু দীপিকাই অন্তঃসত্ত্বা অৱস্থাতো কাম কৰি থকা দেখা যোৱাৰ বাবেই বহুতৰে ধাৰণা যে দীপিকাই তেওঁলোকৰ দৰে দীৰ্ঘ বিৰতি নলয়৷ সন্তান জন্মৰ পাছত দ্ৰুত কৰ্মক্ষম হৈ উঠাৰ বাবে তেওঁ মাতৃ হোৱাৰ পূৰ্বৰে পৰাই প্ৰস্তুতি চলাই আছিল৷ প্ৰি-নেটাল যোগ বা প্ৰসৱ পূৰ্ববৰ্তী যোগাসনৰ অভ্যাস কৰিছিল দীপিকাই৷
দীপিকাৰ যোগাসন প্ৰশিক্ষক অনুষ্কা পৰৱানিৰ পৰা অন্তঃসত্ত্বা থকাৰ পৰাই যোগাসন কৰি আহিছে দীপিকাই৷ দীপিকাৰ কন্যাসন্তান জন্ম হোৱাৰ পাছতেই তেওঁৰ যোগ প্ৰশিক্ষকে ইনষ্টাগ্ৰামত লিখিছে, ‘এই দিনটোৰ বাবেই তুমি যেনেধৰণে প্ৰস্তুতি চলাইছে সেয়া সঁচাকৈয়ে অবিশ্বাস্য৷ যেনেকৈ তুলি ইতিবাচক মনোভাৱ বজাই ৰাখিছিলা আৰু আস্তা ৰাখিছিলা তাৰ বাবে তুমি প্ৰশংসাৰ যোগ্য৷ তোমাক লৈ আমি সেয়ে সদায়ে গৰ্বিত৷’
যোগ প্ৰশিক্ষকে লগতে জনাইছে যে অন্তঃসত্ত্বা থকাৰ সময়ত নিৰ্বাচিত কিছু কিছু যোগাসন আৰু শাৰীৰিক কচৰত সন্তান আৰু মাতৃৰ স্বাস্থ্যপ পক্ষে উপকাৰী৷ সন্তান জন্ম দিয়াৰ বাবে শৰীৰক ধীৰে ধীৰে প্ৰস্তুত কৰাত সহায় কৰে যোগাসনে৷ তেনেকৈ প্ৰসৱৰ পাছত মাতৃও দ্ৰুত কৰ্মক্ষম হৈ উঠে যোগাসনৰ দ্বাৰা৷ অন্তঃসত্ত্বা থকা অৱস্থাত যোগাসন কৰাৰ উপকাৰীতা কি কি?
১. শৰীৰৰ নমনীয়তা বৃদ্ধি কৰে যোগাসনে৷ গুৰুত্বপূৰ্ণ পেশিসমূহক শক্তিশালী কৰে৷
২. প্ৰসৱবেদনাৰ সময় কমায়৷ যোগাসন নকৰিলে মাতৃগৰাকীয়ে ৪ঘণ্টাতকৈ বেছি সময় সেই যন্ত্ৰণা সহ্য কৰিব লাগে৷ যিসকলে যোগাসন কৰে তেওঁলোকে আঢ়ৈ ঘণ্টা বা তিনি ঘণ্টাহে প্ৰসৱ বেদনা অনুভৱ কৰে৷
৩. ৰক্ত সঞ্চালন বৃদ্ধি কৰে৷ যিয়ে প্ৰসৱৰ পাছত মাতৃগৰাকী সোনকালে সুস্থ হৈ উঠাত সহায় কৰে৷ কঁকাল আৰু ভৰিৰ সংযোগস্থলৰ পেশিৰ ক্ষমতা যোগাসনেই বৃদ্ধি কৰে৷
৪. সন্তান জন্ম দিয়াৰ পাছতেই প্ৰায় সকলো মাতৃৰেই কঁকালৰ বিষ হয়৷ অন্তঃসত্ত্বা থকাৰ সময়ত যোগাসন কৰিলে এই সমস্যাৰ পৰা স্বাস্তি পোৱা যায়৷ ইয়াৰোপৰি, স্ফীতোদৰ অস্বস্তিবোধ সন্তান জন্মৰ পাছত সোনকালেই কমে৷
৫. অন্তঃসত্ত্বা থকাকালীন মাতৃৰ মানসিক চাপ নিয়ন্ত্ৰণত ৰখাৰ পৰামৰ্শও দিয়ে চিকিৎসকে৷ গৱেষকে কৈছে, নিয়মিত যোগাসন কৰিলে মাতৃৰ মানসিক চাপো কমে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ