অসম লাইভ ২৪ঃ অসমত উদ্ধাৰ আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ ডেইগ’ মাৰাড’নাৰ চুৰি হোৱা বিলাসী ঘড়ী৷ শনিবাৰে পুৱা অসম আৰক্ষীয়ে শিৱসাগৰৰ পৰা উদ্ধাৰ কৰে ঘড়ীটো৷ ডুবাই আৰক্ষীৰ সহযোগত অসম আৰক্ষীয়ে চলাইছিল অভিযান৷ চুৰিকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ৱাজিদ হুছেইন নামৰ লোকজনক৷ শিৱসাগৰ জিলাৰ মৰাণৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ৱাজিদ হুছেইন নামৰ চোৰটোক।
ডুবাইত সংৰক্ষণ কৰি থোৱা আছিল মাৰাডোনাই পৰিধান কৰা HUBLOT ঘড়ীটো। ঘড়ীটোৰ মূল্য আছিল ১২ লাখ টকা৷ কেইমাহমান পূবে ডুবাইৰ পৰা চুৰি হৈছিল সংৰক্ষণ কৰি থোৱা ঘড়ীটো। উল্লেখ্য, ডুবাইত কৰ্মৰত আছিল ৱাজিদ হুছেইন। এটা ব্যক্তিগত কোম্পানীত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল ৱাজিদ হুছেইন। যোৱা আগষ্ট মাহত পৰিয়ালৰ সদস্যৰ অসুস্থতাৰ দোহাই দি শিৱসাগৰৰ মৰাণৰ ঘৰলৈ আহিছিল ৱাজিদ হুছেইন।
কিন্তু ঘড়ীটো চুৰি হোৱাৰ পিছৰে পৰা ডুবাই আৰক্ষীয়ে অসম আৰক্ষীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল। অৱশেষত শিৱসাগৰ আৰক্ষীৰ জালত পৰিল কিংবদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ সংৰক্ষিত ঘড়ীটো। আনহাতে ৱাজিদ হুছেইনৰ পিতৃ আলতাফ হুছেইনৰ ঘৰ শিৱসাগৰ চহৰৰ সমীপৰ বনিয়াবাৰীত । পুত্ৰ ৱাজিদে ২০০৫ চনতে বিয়া পাতি মৰাণৰ শহুৱেকৰ ঘৰৰ ওচৰত নিজাকৈ ঘৰ তৰি থাকিবলৈ লোৱা বুলি সদৰি কৰিছে। লগতে ২০১৫ চনত ডুবাইলৈ যোৱা পুত্ৰ ৱাজিদৰ সৈতে পিতৃ মাতৃৰ ঘনিষ্ঠ সম্পৰ্ক বৰ্তমান নাই যদিও চাৰি পাঁচদিন পূৰ্বে শিৱসাগৰ বনিয়াবাৰীৰ নিজ গৃহলৈ আহিছিল বুলি ভাষ্য প্ৰদান কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ