জনতাৰ সৈতে কথা পতাৰ সময়তে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত আক্ৰমণ কৰিছে এগৰাকী ব্যক্তিয়ে৷ চুলিত ধৰি চৰ শোধাইছে মুখ্যমন্ত্ৰীক৷ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত হোৱা আক্ৰমণৰ পাছতেই তেওঁৰ নিৰাপত্তা ব্যৱস্থাক লৈ উঠিছে প্ৰশ্ন৷ এই পৰিস্থিতিত প্ৰথম প্ৰশ্ন হৈছে দিল্লীৰ মুখ্যমন্ত্ৰীৰ ৰেখা গুপ্তাৰ নিৰাপত্তাৰ দায়িত্বত কোন আছে? তেওঁক কোন শ্ৰেণীৰ নিৰাপত্তা দিয়া হৈছে আৰু তেওঁৰ নিৰাপত্তাৰ বাবে কিমানজন সেনা মোতায়েন কৰা হৈছে?
দিল্লী আৰক্ষীৰ নিৰাপত্তা শাখাই মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক Z কেটাগৰিৰ নিৰাপত্তা প্ৰদান কৰে৷ Z কেটাগৰিৰ অধীনত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে মুঠ ২২ জন জোৱান মোতায়েন কৰা হয় যাৰ মাজত ৪জনৰ পৰা ৬জন কামাণ্ডো থাকে৷ MP-5 ছাবমেছিনগান আৰু গ্লক পিস্তলেৰে সজ্জিত এই কামাণ্ডোৱে মুখ্যমন্ত্ৰীক ঘনিষ্ঠ নিৰাপত্তা প্ৰদান কৰে৷ বাকী জোৱানসকলে এছকৰ্ট ডিউটি, পাইলট কাৰ, ছেডো কামাণ্ডো, স্থায়ী পিকেট আৰু ঘূৰ্ণায়মান ডিউটিত মোতায়েন হৈ থাকে৷
মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নিৰাপত্তা কিমান স্তৰত বিভক্ত?
মুখ্যমন্ত্ৰীৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে বহুস্তৰীয় নিৰাপত্তা ব্যৱস্থা আছে৷ ইয়াৰ প্ৰথম স্তৰটো হৈছে আভ্যন্তৰীণ কৰ্ডন৷ ইয়াত থাকে ২ৰ পৰা ৩জন কামাণ্ডো৷ তেওঁলোক মুখ্যমন্ত্ৰীৰ একেবাৰে কাষত থাকে৷ মুখ্যমন্ত্ৰীৰ ভ্ৰমণ, কোনো সভা বা সমবেশ, আনকি ঘৰতো তেওঁলোক কাষে কাষে থাকে৷ নিৰাপত্তাৰ দ্বিতীয় স্তৰ হৈছে মধ্যম কৰ্ডন৷ য’ত ৪ৰ পৰা ৬ জন সৈন্য দূৰত্বত থাকে আৰু নিৰাপত্তা বৃত্তক শক্তিশালী কৰে৷ এই নিৰাপত্তা কৰ্মীয়ে ভিৰ পৰিচালনা কৰে আৰু সন্দেহজনক ব্যক্তিক কাষলৈ যোৱাত বাধা দিয়ে৷
মুখ্যমন্ত্ৰীয়ে বাহিৰৰ কৰ্ডন আৰু মোটৰকেড সুৰক্ষা লাভ কৰে৷ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ তৃতীয় স্তৰ হৈছে বাহিৰৰ কৰ্ডন৷ ইয়াত স্থানীয় আৰক্ষীৰ সৈতে প্ৰায় ১৩ জন কামাণ্ডোয়ে নিৰাপত্তা বৃত্তৰ সকলোতকৈ বাহিৰৰ স্তৰ গঠন কৰে৷ তেওঁলোকে ভিৰ নিয়ন্ত্ৰণ, ট্ৰেফিক নিয়ন্ত্ৰণ আৰু প্ৰৱেশ প্ৰস্থান চেকিঙৰ দায়িত্বত থাকে৷ ইয়াৰোপৰি মুখ্যমন্ত্ৰীৰ থাকে মোটৰ কেড সুৰক্ষা৷ ইয়াৰ অধীনত মুখ্যমন্ত্ৰীৰ বুলেটপ্ৰুফ বাহনৰ সন্মুখত এখন পাইলট বাহন আৰু পিছত এখন এছকৰ্ট বাহন থাকে৷ স্থানীয় আৰক্ষীয়ে পূৰ্বে পথ খালী কৰাৰ দায়িত্বত থাকে৷ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ চাৰিওফালেই কাঢ়া নিৰাপত্তাৰ ব্যৱস্থাও আছে৷ ইয়াৰ আওঁতাত বাহিৰত এক স্থায়ী নিৰাপত্ত পিকেট মোতায়েন কৰা হয়৷ এক্স ৰে স্কেনাৰ, মেটেল ডিটেক্টৰ, চিচিটিভি ৰে গেটত পৰ্যবেক্ষণ কৰা হয়৷ বাহিৰত ক্ৰমাগত টহলো দিয়া হয়৷ পৰিদৰ্শনৰ পূৰ্বে এডভান্স ছিকিউৰিটি লিয়াজোনিং কৰা হয়৷ অনুষ্ঠান থকা স্থানো পূৰ্বেই পৰিদৰ্শন কৰা হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ