পুনৰ আন এক আৱেদন নাকচ, ক্ৰমাম্বয়ে চক্ৰবেহুত সোমাই গৈ আছে নেকি কেজৰিৱাল
সুৰা নীতি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নিজৰ অধিবক্তাৰ সৈতে সাক্ষাৎ কৰিবলৈ অধিক সময়ৰ বাবে অনুৰোধ জনোৱা আবেদনো নাকচ কৰে দিল্লীৰ উচ্চ ন্যায়ালয়ে।
কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই) আৰু বলবৎকাৰী সঞ্চালকালয় (ইডি)ৰ গোচৰৰ বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই গোচৰটোত তেওঁক সকাহ দিয়াৰ বাবে পৰ্যাপ্ত ভিত্তি নাই বুলি আবেদন নাকচ কৰে।
ইডিয়ে কেজৰিৱালৰ আৱেদনৰ বিৰোধিতা কৰি কয় যে কেৱল জেলৰ পৰাই চৰকাৰ চলাব বিচৰাৰ ভিত্তিত তেওঁক বিশেষাধিকাৰ দিব নোৱাৰি। কেজৰিৱালৰ হৈ উপস্থিত হোৱা অধিবক্তাই ন্যায়াধীশক কয় যে নেতাগৰাকীৰ বিৰুদ্ধে কেইবাটাও গোচৰ চলি আছে আৰু সপ্তাহত এঘণ্টা সময় এজন ব্যক্তিক বুজাবলৈ আৰু নিৰ্দেশ দিবলৈ যথেষ্ট নহয়।
কেজৰিৱালৰ হৈ যুক্তি দাঙি ধৰি অধিবক্তাগৰাকীয়ে আদালতত কয় যে, অধিবক্তাক লগ কৰাটো আইনগত ভাৱে মৌলিক আইনী অধিকাৰ। সঞ্জয় সিঙকো তেখেতৰ বিৰুদ্ধে মাত্ৰ পাঁচটা বা আঠটা গোচৰ থকাৰ সময়ত অধিবক্তাৰ সৈতে তিনিবাৰকৈ বৈঠকত মিলিত হোৱাৰ অনুমতি দিয়া হৈছিল।
ইডিয়ে কেজৰিৱালৰ এই অনুৰোধৰ বিৰোধিতা কৰিছিল। ইডিয়ে কৈছিল যে এইটো জেলৰ নিয়মৰ বিৰুদ্ধে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে আদালতত জনোৱা মতে, কেজৰিৱালক ইতিমধ্যে তেওঁৰ অধিবক্তাৰ সৈতে এখন বৈঠকৰ সলনি দুখন বৈঠকৰ অনুমতি দিয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















