হঠাতে আহি পৰিল বাধা, উচ্চ ন্যায়ালয়ে জামিন বাতিল কৰিলে কেজৰিৱালৰ
আজি ২১ জুন তাৰিখে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাৰ জামিন পোৱাৰ কথা আছিল। পাছে অন্তিম মুহুৰ্তত সেই জামিনত আহি পৰিছে বাধা। দিল্লীৰ উচ্চ ন্যায়ালয়ে বাধা আৰোপ কৰিছে কেজৰিৱালৰ জামিনত। উচ্চ ন্যায়ালয়ৰ গোচৰৰ শুনানি নোহোৱা পৰ্যন্ত কেজৰিৱালৰ জামিন স্থগিত ৰাখিছে।
দিল্লীৰ আবকাৰী নীতিৰ ধন সৰবৰাহৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰা বিচাৰ আদালতে দিয়া নিৰ্দেশৰ বিৰুদ্ধে ইডিয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল। এই গোচৰৰ শীঘ্ৰে শুনানি গ্ৰহণৰ দাবী জনাইছিল ইডিয়ে। ইডিৰ আবেদনৰ শুনানি গ্ৰহণৰ বাবে সন্মতি প্ৰকাশ কৰিছে উচ্চ ন্যায়ালয়ে।
ইডিৰ দাবী যে অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনৰ বিৰোধিতা কৰাৰ আমাক সম্পূৰ্ণ সুযোগ দিয়া হোৱা নাছিল, সেয়েহে নিম্ন আদালতৰ জামিনৰ সিদ্ধান্ত স্থগিত ৰখা উচিত। অৰবিন্দ কেজৰিৱালৰ অধিবক্তাই ইডিৰ অধিবক্তাক পৰামৰ্শ দিলে যে আপুনি আদালতৰ সিদ্ধান্তক সন্মানেৰে মানি ল’ব লাগে।
উচ্চ ন্যায়ালয়ৰ শুনানিৰ পিছতহে স্পষ্ট হ’ব যে অৰবিন্দ কেজৰিৱালক আজি মুকলি কৰি দিয়া হ’ব নে নহয়। দিল্লী উচ্চ ন্যায়ালয়ে কয় যে মুখ্যমন্ত্ৰী কেজৰিৱালক প্ৰদান কৰা জামিনক প্ৰত্যাহ্বান জনাই ইডিৰ আবেদনৰ শুনানি গ্ৰহণ নকৰালৈকে বিচাৰ আদালতৰ এই নিৰ্দেশ কাৰ্যকৰী নহ’ব।
বৃহস্পতিবাৰে দিল্লী ৰাউজ এভিনিউ আদালতে আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰি ডাঙৰ সকাহ দিছিল। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে কেজৰিৱালক লোকসভা নিৰ্বাচনত প্ৰচাৰৰ বাবে জামিন প্ৰদান কৰিছিল। পিছত ২ জুনত আত্মসমৰ্পণ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ