আজিৰ আকাশত গুলপীয়া চন্দ্ৰ, ইয়াৰ অৰ্থ কি
আজিৰ আকাশত চন্দ্ৰৰ এক সুন্দৰ দৃশ্য দেখা যাব। এই বিশেষ চন্দ্ৰক ষ্ট্ৰবেৰী মুন বুলি কোৱা হয়। কোৱা হয় যে ষ্ট্ৰবেৰী মুন কেৱল পূৰ্ণিমাৰ দিনতহে দেখা যায়। এই দিনটোত চন্দ্ৰৰ ৰং ষ্ট্ৰবেৰীৰ দৰে হয়, যাৰ বাবেই ইয়াক ষ্ট্ৰবেৰী মুন বুলি কোৱা হয়। জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে আজি চন্দ্ৰক নিজৰ কক্ষপথত পৃথিৱীৰ ওচৰত থকাৰ বাবে স্বাভাৱিক আকাৰতকৈ ডাঙৰ দেখা যায়।
কিন্তু প্ৰতিটো পূৰ্ণিমাক ছুপাৰমুন বুলি ক’ব নোৱাৰি। এইবাৰ ২১ জুন আজি হ’বলগীয়া পূৰ্ণিমা সাধাৰণ পূৰ্ণিমাতকৈ বেলেগ হ’ব, কাৰণ এইবাৰ ২০ জুনৰ পৰা ২২ জুনৰ ভিতৰত ষ্ট্ৰবেৰী মুন দেখা যাব। অৰ্থাৎ বৃহস্পতিবাৰ, শুকুৰবাৰ আৰু শনিবাৰে তিনিওটা দিনতে চন্দ্ৰটো সম্পূৰ্ণ ঘূৰণীয়া দেখা যাব আৰু অতি উজ্জ্বল হ’ব।
অৱশ্যে এনে প্ৰতিবছৰে নহয়, ১৯ৰ পৰা ২০ বছৰত এবাৰ এনেকুৱা হয়। এই সময়ত সূৰ্য্য আকাশৰ সৰ্বোচ্চ বিন্দুত থাকিব, গতিকে চন্দ্ৰ আকাশত তলত দেখা দিব অৰ্থাৎ পৃথিৱীৰ পৰা একেবাৰে ওচৰত ডাঙৰ আকাৰত দেখা যাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ