অসম লাইভ ২৪ঃ ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ চতুৰ্থ জোৱাৰত স্তব্ধ ৰাজধানী দিল্লী। ৬ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ দিল্লীত সান্ধ্য আইন জাৰি প্ৰশাসনৰ। নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰিৰ কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ। পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অৰবিন্দ কেজৰিৱাল চৰকাৰৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ। অৱশ্যে পুনৰ লকডাউন সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। ৰাজধানী দিল্লীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণৰ ঘটনা। সোমবাৰৰ দিনটোত দিল্লীত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ৩,৫৪৮ গৰাকী আৰু মৃত্যু হয় ১৫ গৰাকী ক’ৰোনা আক্ৰান্তৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ