অসম লাইভ ২৪ঃ ন্যায়াধীশ এন ভি ৰমণক ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰূপে নিযুক্তি প্ৰদান কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। মঙলবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে নিযুক্তি প্ৰদান কৰে এন ভি ৰমণক। ২৪ এপ্ৰিলত মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰিব ন্যায়াধীশ এন ভি ৰমণে। ভাৰতৰ ৪৮ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব ৰমণে। ২৩ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰিব বৰ্তমানৰ মুখ্য ন্যায়াধীশ এচ এ ববডেই। ন্যায়াধীশ নুতলপতি ভেংকট ৰমণে ২০১৪ চনৰ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ