পুনৰ অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে FIR, এইবাৰ কি গোচৰ !
আম আদমি পাৰ্টীৰ মূৰব্বী অৰবিন্দ কেজৰিৱালৰ বিপদ নকমা হৈ আহিছে। প্ৰথমে তেওঁ বিধানসভা নিৰ্বাচনত পৰাস্ত হৈছিল, এতিয়া তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। এইবাৰ আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে।
দিল্লীৰ ৰাউছ এভিনিউ আদালতে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিবলৈ কৈছিল। ইয়াৰ পিছতহে আৰক্ষীয়ে এই ব্যৱস্থা গ্ৰহণ কৰে।
জানিব পৰা অনুসৰি এই গোচৰৰ কাৰণ- ৰাজহুৱা সম্পত্তি আইন উলংঘাৰ অভিযোগ সন্দৰ্ভত অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে অভিযোগৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ৰাজহুৱা ধনৰ অপব্যৱহাৰৰ গোচৰ। কেজৰিৱালৰ লগতে আন নেতাৰ বিৰুদ্ধেও গোচৰ।
এই গোচৰৰ শুনানিৰ সময়ত আদালতে দিল্লী আৰক্ষীক আন আন আপ দলৰ নেতাসকলৰ বিৰুদ্ধে ডাঙৰ ডাঙৰ হৰ্ডিং লগোৱাৰ বাবে ৰাজহুৱা ধনৰ অপব্যৱহাৰৰ অভিযোগত এফআইআৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছিল।
আৰক্ষীৰ মতে, এই অভিযোগ শেহতীয়াকৈ দিল্লীত হোৱা এক বিক্ষোভৰ সৈতে জড়িত। ইয়াত আপ নেতাৰ বিৰুদ্ধে ৰাজহুৱা সা-সম্পত্তিৰ ক্ষতি কৰাৰ অভিযোগ উত্থাপন হৈছে।
এই এফআইআৰত জড়িত আন ব্যক্তিৰ নাম এতিয়াও স্পষ্ট হোৱা নাই। আপে এই কাৰ্যক ৰাজনৈতিক প্ৰতিশোধ বুলি অভিহিত কৰাৰ বিপৰীতে দিল্লী আৰক্ষীয়ে কয় যে এই ব্যৱস্থা আইনী প্ৰক্ৰিয়াৰ অধীনত গ্ৰহণ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ