দিল্লী ট্ৰেজেডীৰ পাছতে ৰে’ল ষ্টেছনত ৫ নতুন নিয়ম, ৬০ টা ষ্টেছনটো নতুন ফৰ্মূলা
১৫ ফেব্ৰুৱাৰীৰ নিশা নতুন দিল্লী ৰে’লৱে ষ্টেচনত সংঘটিত পদপিষ্টৰ ঘটনাচ ১৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহুতো লোক আহত হয়, বৰ্তমানেও হাস্পতাৱত ভৰ্তি বহু লোক। এই ঘটনাই জোকাৰি গৈছিল সমগ্ৰ দেশ। এই ঘটনাৰ পিছত ৰে’ল মন্ত্ৰালয়ে এখন তদন্ত সমিতি গঠন কৰিছে, যিয়ে সমগ্ৰ বিষয়টোৰ তদন্ত কৰি আছে। ইফালে, এনেধৰণৰ ঘটনা ৰোধৰ বাবে ৰে’ল মন্ত্ৰালয়ে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
দেশৰ ৬০ টা ব্যস্ত ৰেল ষ্টেচনত হোল্ডিং এৰিয়া স্থাপন কৰা হ’ব বুলি ঘোষণা কৰিছে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। এই হোল্ডিং এৰিয়াটোৱে যাত্ৰীসকলক তেঁওলোকৰ ৰে’ল অহালৈকে অপেক্ষা কৰিবলৈ এক নিৰাপদ স্থান প্ৰদান কৰিব। এই ব্যৱস্থাৰ অধীনত যাত্ৰীসকলক প্ৰথমে হোল্ডিং এৰিয়াত বহিবলৈ দিয়া হ’ব আৰু তেওঁলোকৰ ৰে’ল আহিলেহে প্লেটফৰ্মলৈ যাবলৈ দিয়া হ’ব। এই ব্যৱস্থাই প্লেটফৰ্মত যানজঁট হ্ৰাস কৰাত সহায় কৰিব আৰু দুৰ্ঘটনা ৰোধ কৰিব।
ৰে’লৱেই এই হোল্ডিং এলেকাসমূহ সৃষ্টি হ’বলগীয়া কিছুমান ষ্টেচনৰ নাম ঘোষণা কৰিছে- নতুন দিল্লী ৰে’লৱে ষ্টেচন, আনন্দ বিহাৰ ষ্টেচন, লক্ষ্ণৌ, বাৰাণসী, মোগলচৰাই, কানপুৰ, ঝান্সী, পাটনা, দৰভংগা, আৰা, মুম্বাই, চুৰাট, সোণপুৰ, বাংগালুৰু, হাওৰা, মালদা ইত্যাদি।
ইয়াৰ উপৰিও কৰিড’ৰ বহল কৰা, বৃহৎ অভাৰব্ৰিজ আৰু প্লেটফৰ্ম নিৰ্মাণ, ৰেম্প আৰু এস্কেলেটৰৰ জৰিয়তে প্লেটফৰ্মলৈ সহজে প্ৰৱেশ নিশ্চিত কৰা, ভিৰ হোৱা সময়ত আগমন বা প্ৰস্থানৰ প্লেটফৰ্মৰ কোনো ধৰণৰ পৰিৱৰ্তন কঠোৰভাৱে পৰিহাৰ কৰাকে ধৰি ৰে’ল ষ্টেচন আৰু প্লেটফৰ্মত যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পিআইএলে ভাৰতীয় ৰে’লৱেক নিৰ্দেশনা বিচাৰে।
লগতে নতুন দিল্লী ৰেলৱে ষ্টেচনত ৫টা পৰিৱৰ্তন কৰা হৈছে-
বন্ধ কৰা হৈছে প্লেটফৰ্মৰ টিকট।
টিকট পৰীক্ষা কৰাৰ পিছতহে প্লেটফৰ্মত প্ৰৱেশৰ অনুমতি দিয়া হ’ব।
ৰেল অহাৰ পূৰ্বে যাত্ৰীৰ শাৰী শাৰীকৈ থকাৰ ব্যৱস্থা হ’ব।
ষ্টেচনৰ বাহিৰত এক বিশেষ অপেক্ষা গৃহৰ ব্যৱস্থা কৰা হ’ব।
১৬ আৰু ১৫ নং প্লেটফৰ্মৰ এস্কেলেটৰ বন্ধ কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ